তামাৰহাটত চিকিৎসা সেৱাৰ ফোঁপোলা স্বৰূপ
ধুবুৰী, ২৭ মে (হি.স.)। তামাৰহাটত চিকিৎসা সেৱাৰ ফোঁপোলা স্বৰূপ । কাৰণ তামাৰহাট অঞ্চলৰ একমাত্ৰ চিকিৎসা প্ৰতিষ্ঠান তামাৰহাট ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত চিকিৎসাৰ নামত ৰোগীয়ে খাব লগা হৈছে হাবাথুৰি । চিকিৎসালয় খনৰ অধীনস্থ এলেকাত প্ৰায় এক লাখ জনসংখ্যা চ
তামাৰহাটত চিকিৎসা সেৱাৰ ফোঁপোলা স্বৰূপ


ধুবুৰী, ২৭ মে (হি.স.)। তামাৰহাটত চিকিৎসা সেৱাৰ ফোঁপোলা স্বৰূপ । কাৰণ তামাৰহাট অঞ্চলৰ একমাত্ৰ চিকিৎসা প্ৰতিষ্ঠান তামাৰহাট ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত চিকিৎসাৰ নামত ৰোগীয়ে খাব লগা হৈছে হাবাথুৰি । চিকিৎসালয় খনৰ অধীনস্থ এলেকাত প্ৰায় এক লাখ জনসংখ্যা চিকিৎসা সেৱা আগবঢ়োৱা চিকিৎসা প্ৰতিষ্ঠান খনত আছে মাত্ৰ এজন চিকিৎসক ।

প্ৰতিদিনে দুইশৰ পৰা তিনিশ জনকৈ ৰোগী আহে চিকিৎসালয় খনত, মাহত প্ৰায় ৬০/৭০ জনীকৈ গৰ্ভৱতী মহিলা আহে চিকিত্সালয়খনত । তামাৰহাট অঞ্চলৰ বাহিৰে পশ্চিমবঙ্গ আৰু বিটিচিৰ পৰাও বহুসংখ্যক ৰোগী চিকিৎসাৰ বাবে আহে চিকিৎসা প্ৰতিষ্ঠান খনলৈ । তথাপিও দীর্ঘদিনধৰি মাত্ৰ এজন চিকিৎসকে দিনে নিশাই দিব লগা হৈছে চিকিৎসা সেৱা । পূৰ্বে তিনি জনকৈ চিকিৎসকে সেৱা আগবঢ়াইছিল যদিও বৰ্তমান মাত্ৰ এজন চিকিৎসকে আছে চিকিত্সালয়খনত । ফলত চিকিৎসাৰ বাবে আহি হাবাধুৰী খাব লগা হৈছে ৰোগী সকল । চিকিৎসক নিযুক্তি দিয়াৰ বাবে বিভাগীয় কতৃপক্ষক লগত যোগাযোগ কৰিও কোনো সুফল পোৱা নাই স্থানীয় লোকে । চিকিৎসালয় খনত চিকিৎসক নিযুক্তি দি ৰোগী সকলক চিকিৎসা প্ৰদানৰ বাবে সুব্যৱস্থা কৰি দিয়াৰ বাবে বিভাগীয় কতৃপক্ষক দাবী জনায় ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande