
হকী ইণ্ডিয়াই ঘোষণা কৰিলে ২৪ জনীয়া শক্তিশালী দল, বিশ্বকাপৰ প্ৰস্তুতিত মনোনিৱেশ
নতুন দিল্লী, ২৭ মে’ (হি.স.)। বুধবাৰে হকী ইণ্ডিয়াই এফ আই এইচ প্ৰ’ লীগ ২০২৫-২৬ৰ ইউৰোপীয় লেগৰ বাবে ২৪ জনীয়া ভাৰতীয় পুৰুষ হকী দলৰ কথা ঘোষণা কৰে। ষ্টাৰ ডিফেণ্ডাৰ হৰমনপ্ৰীত সিঙে ব্যক্তিগত কাৰণত ফেব্ৰুৱাৰী মাহত হোবাৰ্ট লেগত খেলিব নোৱাৰাৰ পিছত পুনৰ দলৰ অধিনায়কত্ব কৰিব।
এই ভ্ৰমণৰ সময়ত ভাৰতীয় দলটোৱে নেদাৰলেণ্ড, জাৰ্মানী, ইংলেণ্ড, পাকিস্তানৰ দৰে শক্তিশালী দলৰ সৈতে মুখামুখি হ’ব। আগন্তুক হকী বিশ্বকাপৰ প্ৰস্তুতিৰ বাবে এই ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।
বেলজিয়ামত প্ৰস্তুতি, তাৰ পিছত নেদাৰলেণ্ড আৰু ইংলেণ্ডত মেচ
ভাৰতীয় দলটোৱে ৭ জুনৰ পৰা ৯ জুনলৈ বেলজিয়ামৰ ব্ৰাছেলছত প্ৰস্তুতি শিবিৰ আৰু অনুশীলন মেচ খেলিব।ইয়াৰ পিছত ১০ জুনৰ পৰা নেদাৰলেণ্ডৰ ৰটাৰডেমত ভিত্তি কৰি প্ৰ’ লীগৰ মেচ অনুষ্ঠিত হ’ব।
ৰটাৰডেম লেগৰ পাছত ভাৰতীয় দলটোৱে ইংলেণ্ডৰ লণ্ডনলৈ যাত্ৰা কৰিব, য’ত পাকিস্তান আৰু ইংলেণ্ডৰ বিৰুদ্ধে খেলিব।
অভিজ্ঞ আৰু যুৱ খেলুৱৈৰ এক সুষম মিশ্ৰণ
দলটোত অভিজ্ঞ খেলুৱৈ আৰু যুৱ প্ৰতিভাৰ সুষম মিশ্ৰণ আছে। আগন্তুক বিশ্বকাপৰ প্ৰতি লক্ষ্য ৰাখি মূল দলটোক শক্তিশালী কৰাত মনোনিৱেশ কৰিছে নিৰ্বাচকসকলে।
অধিনায়ক হৰমনপ্ৰীত সিঙে অমিত ৰোহিদাস, জৰ্মানপ্ৰীত সিং, জুগ্ৰাজ সিং, আৰু যুৱ খেলুৱৈ অমনদীপ লাক্ৰাৰ সৈতে ডিফেন্সৰ নেতৃত্ব দিব।
মিডফিল্ডৰ দায়িত্ব ল’ব হাৰ্দিক সিং, মনপ্ৰীত সিং, বিবেক সাগৰ প্ৰসাদ, ৰাজ কুমাৰ পালৰ দৰে অভিজ্ঞ খেলুৱৈ।
আক্ৰমণৰ ক্ষেত্ৰত দলটোক সহায় কৰিব মনদ্বীপ সিং, সুখজীত সিং, অভিষেক, আৰু চেলভাম কাৰ্তিৰ দৰে চোকা ফৰৱাৰ্ডে।
পাঁচজন ষ্টেণ্ডবাই খেলুৱৈৰো ঘোষণা
হকী ইণ্ডিয়াইও ঘোষণা কৰিছে পাঁচজন ষ্টেণ্ডবাই খেলুৱৈ। ইয়াৰ ভিতৰত আছে গ’লৰক্ষক কৃষণ বাহাদুৰ পাঠক, ফৰৱাৰ্ড অৰিজিত সিং হুণ্ডল আৰু মনিন্দৰ সিং, ডিফেণ্ডাৰ পূভান্না চন্দুৰা ববী, আৰু মিডফিল্ডাৰ বিষ্ণু কান্ত সিং।
প্ৰশিক্ষক ক্ৰেগ ফুলটনে কয় যে বিশ্বমানৰ দলৰ বিৰুদ্ধে নিজকে পৰীক্ষা কৰাৰ এইটো এক সুন্দৰ সুযোগ।
মুখ্য প্ৰশিক্ষক ক্ৰেগ ফুলটনে কয় যে, দলটোৰ প্ৰশিক্ষণ ভালদৰে চলি আছে, আৰু খেলুৱৈসকল উৎকৃষ্ট ফৰ্মত আছে। জুন মাহত নেদাৰলেণ্ড আৰু ইংলেণ্ডত অনুষ্ঠিত হোৱা প্ৰ' লীগৰ মেচসমূহ আমাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। বিশ্বমানৰ দলৰ বিৰুদ্ধে এই মেচসমূহে আমাক দেখুৱাব যে আমি বিশ্বকাপৰ প্ৰস্তুতিৰ ক্ষেত্ৰত ক'ত থিয় দিছো।
ভাৰতীয় দল
গ'লৰক্ষক:
মোহিত হন্নেনাহল্লী সচিকুমাৰ, সুৰজ কাৰ্কেৰা
ডিফেণ্ডাৰ:
হৰমনপ্ৰীত সিং (অধিনায়ক), অমিত ৰোহিদাস, সুমিত, সঞ্জয়, যশদ্বীপ ছিৱাচ, অমনদীপ লাকৰা, জৰ্মানপ্ৰীত সিং, জুগ্ৰাজ সিং
মিডফিল্ডাৰ:
হাৰ্দিক সিং, মনপ্ৰীত সিং, ৰাজিন্দৰ সিং, ৰাজ কুমাৰ পাল, নীলাকান্ত শৰ্মা, বিবেক সাগৰ প্ৰসাদ, ৰবিচন্দ্ৰ সিং মইৰাংথেম
ফৰৱাৰ্ড :
মনদ্বীপ সিং, সুখজীত সিং, অভিষেক, আদিত্য অৰ্জুন লালগে, দিলপ্ৰীত সিং, শিলানন্দ লাকৰা, চেলৱম কাৰ্তি
ভাৰতৰ মেচ সূচী (ভাৰতীয় মানক সময়)
ৰটাৰডেম, নেদাৰলেণ্ড:
১৪ জুন : নেদাৰলেণ্ড বনাম ভাৰত — ৭:৩০ বজাত।
১৭ জুন : ভাৰত বনাম জাৰ্মানী — ১১:০০ বজাত।
১৮ জুন : জাৰ্মানী বনাম ভাৰত — ১১:০০ বজাত।
২১ জুন : নেদাৰলেণ্ড বনাম ভাৰত — সন্ধিয়া ৫:৩০ বজাত
লণ্ডন, ইংলেণ্ড:
২৩ জুন : পাকিস্তান বনাম ভাৰত — সন্ধিয়া ৭:০০ বজাত
২৫ জুন : ইংলেণ্ড বনাম ভাৰত — পুৱা ১২:০০ বজাত
২৬ জুন : ভাৰত বনাম পাকিস্তান — নিশা ১০:৩০ বজাত
২৮ জুন : ইংলেণ্ড বনাম ভাৰত — নিশা ৮:৩০ বজাত
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ