
শিৱসাগৰ, ২৭ মে (হি.স.)। অসম তথা শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই আনিলে হোমিঅ চিকিৎসক ডা:কবিতা শৰ্মাই । শিৱসাগৰ হোমিঅ চিকিৎসক ডা:কবিতা শৰ্মালৈ প্ৰেষ্টিজ ৰিকোগ্নিশ্বন এৱাৰ্ড ২০২৬। ডেৰাডুনৰ হোটেল গ্ৰেণ্ড লিগেছিত ইলেকট্ৰ' হোমিঅ মেডিকেল এচ'ছিয়েচনৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস এই বঁটা প্ৰদান কৰা হয় ডা:কবিতা শৰ্মাক।
উত্তৰাখণ্ডৰ আয়ুস মন্ত্ৰী মদন কৌশিক প্ৰেষ্টিজ ৰিকোগ্নিশ্বন এৱাৰ্ড ২০২৬। উত্তৰাখণ্ডৰ বিভিন্ন প্ৰান্তত বিনামূলীয়া চিকিৎসা সেৱা শিবিৰ অনুষ্ঠিত কৰি হাজাৰ হাজাৰ ৰোগী আৰোগ্য লাভ কৰোৱাৰ ওপৰিও সৰ্বভাৰতীয় পৰ্যায়ত কোনো অস্ত্ৰোপচাৰ নকৰাকৈ দহ হাজাৰৰো অধিক ৰোগীৰ কিডনী ষ্টন উলিয়াব সক্ষম আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হোৱাৰ বাবে এই বিশেষ সন্মান প্ৰদান কৰা হৈছে কবিতা শৰ্মাক ভাৰতৰ বিভিন্ন ৰাজ্যৰ চিকিৎসকৰ অংশগ্ৰহণ । এই অনুষ্ঠানত অসমৰ একমাত্র আমন্ত্ৰিত চিকিৎসক ডা:কবিতা শৰ্মা। উত্তৰাখণ্ডৰ আয়ুস মন্ত্ৰী মদন কৌশিকে প্ৰেষ্টিজ ৰিকোগ্নিশ্বন এৱাৰ্ড ২০২৬ প্ৰদান কৰে চিকিৎসক গৰাকীক।
ইলেক্ট্ৰ' হোমিঅ মেডিকেল এচ'চিয়েছন চমুকৈ ই এম এ ৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ শুভাৰম্ভণি কৰে আয়ুস মন্ত্ৰী মদন কৌশিকে । ৰাষ্ট্ৰীয় সভাপতি ড০ কে পি এছ চৌহান, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ড০ এন এছ তাকুলী, ৰাষ্ট্ৰীয় কোষাধ্যক্ষ ড০ ভি এল আলখানিয়া, ৰাজ্যিক সভাপতি ড০ মুকেশ চৌহান , ছত্তীশগড় ৰাজ্যিক সভাপতি ড° নীলেশ থাভাডে, দিল্লী ৰাজ্যিক সভাপতি ড° ডি এছ নেগী, উত্তৰ প্ৰদেশৰ সভাপতি ড° এছ কে গুৰজাৰকে আদি কৰি বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে প্ৰতিষ্ঠা দিৱসৰ এই কাৰ্যসূচীত
ইয়াৰোপৰি হৰিদ্বাৰৰ হৰ কী পুৰীৰ ব্ৰক্ষ্ম কুণ্ডত মা গংগাৰ পৌৰাণিক প্ৰচলিত গংগা আৰতিত অংশগ্ৰহণৰ বিশেষ সুবিধা লাভ কৰে ডা কবিতা শৰ্মা আৰু দেৱজিত কাকতিয়ে । শ্ৰী গংগা সভা হৰিদ্বাৰৰ অধক্ষ্য নীতিন গৌতম আৰু অন্যান্য প্ৰদাধিকাৰীয়ে বিশেষ আৰতি সুবিধা প্ৰদান কৰি বিশেষ ভাবে সন্মান প্ৰদৰ্শন কৰে কবিতা শৰ্মাক । উল্লেখ এনেদৰে গংগাত অসমীয়া নাৰী হিচাপে আৰতি কৰিবলৈ সৌভাগ্য লাভ কৰা প্ৰথম গৰাকী মহিলা হিচাপে গৌৰৱ কঢ়িয়াই মা গংগাৰ আশীষ অসমলৈ আনিবলৈ সক্ষম হয় কবিতা শৰ্মাই ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু