পলাতক মানস গগৈৰ অৱস্থিতিৰ খবৰ দিয়া ব্যক্তিক ৫০ হাজাৰ টকাৰ উপহাৰ দিয়াৰ ঘোষণা আৰক্ষীৰ
শিৱসাগৰ, ২৭ মে (হি.স.)। শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ কনফাৰেন্স হলত আজি অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ সংবাদমেল। যোৱা সোমবাৰে নাজিৰাৰ মাদুৰী ম’লা গাঁৱত আৰক্ষী আৰু সন্দেহজনক আলফা স্বাধীনৰ সদস্যৰ মাজত সংঘটিত হোৱা গুলীচালনা ঘটনাক কেন্দ্ৰ কৰি
পলাতক মানস গগৈৰ অৱস্থিতিৰ খবৰ দিয়া ব্যক্তিক ৫০ হাজাৰ টকাৰ উপহাৰ দিয়াৰ ঘোষণা আৰক্ষীৰ


শিৱসাগৰ, ২৭ মে (হি.স.)। শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ কনফাৰেন্স হলত আজি অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ সংবাদমেল।

যোৱা সোমবাৰে নাজিৰাৰ মাদুৰী ম’লা গাঁৱত আৰক্ষী আৰু সন্দেহজনক আলফা স্বাধীনৰ সদস্যৰ মাজত সংঘটিত হোৱা গুলীচালনা ঘটনাক কেন্দ্ৰ কৰি এই সংবাদমেল সম্বোধন কৰে আইজিপি (ই আৰ) সত্যৰাজ হাজৰিকাই।

আৰক্ষীৰ তথ্য অনুসৰি, ধনদাবী চক্ৰটোৰ নেতৃত্বত আছিল মানস গগৈ। নাজিৰা থানাত ইতিপূৰ্বেই মানস গগৈৰ বিৰুদ্ধে গোচৰ ৰুজু হৈ আছিল বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

সোমবাৰৰ গুলীচালনাৰ পূৰ্বে বিজেপি নেতা তথা ব্যৱসায়ী লাচিত গগৈক নাগিনীমৰালৈ মাতি নিয়া হৈছিল বুলি প্ৰকাশ পায়। ধনদাবীকাৰী দলটো তিনিখন বাইকত ঘটনাস্থলীলৈ আহিছিল আৰু তাৰ আগতেই দুজন সদস্য ঘটনাস্থলীত উপস্থিত হৈছিল। মুঠ ৮ জন লোক ঘটনাস্থলীত আছিল বুলি আৰক্ষীয়ে সদৰী কৰে। মানস গগৈও ঘটনাস্থলীত উপস্থিত আছিল বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

ঘটনাত গুলিবিদ্ধ হোৱা ৰিতু গগৈ আৰু জিতু গগৈৰ উপৰিও আৰক্ষীয়ে আন দুজনক কৰায়ত্ত কৰিছে। তেওঁলোক হৈছে ক্ষীপ্ৰ গগৈ আৰু দ্বিপেন গগৈ। ক্ষীপ্ৰ গগৈৰ ঘৰ চূণপোৰাত মানস গগৈৰ ঘৰৰ সমীপত বুলি আৰক্ষীয়ে প্ৰকাশ কৰে।

মূল মাষ্টাৰমাইণ্ড মানস গগৈ আৰু আন দুজন বৰ্তমানেও পলাতক। নাজিৰাৰ চূণপোৰাত মানস গগৈৰ ঘৰত আৰক্ষীয়ে তালাচী চলাই ৯ এম এম পিষ্টল উদ্ধাৰ কৰাৰ কথাও সদৰী কৰে। আনহাতে গুলীচালনাৰ ঘটনাস্থলীৰ পৰা ৭.৬৫ এম এম পিষ্টল উদ্ধাৰ কৰা হৈছে।

ব্যৱসায়ী লাচিত গগৈৰ পৰা ২০ লাখ টকা দাবী কৰা হৈছিল যদিও পিছত ৮ লাখ টকা দিবলৈ কোৱা হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

এই ধনদাবীৰ ঘটনাত আলফা স্বাধীন আৰু এন এছ চি এনৰ যৌথ সহযোগিতা থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। ইফালে, পলাতক মানস গগৈৰ অৱস্থিতিৰ খবৰ দিয়া ব্যক্তিক ৫০ হাজাৰ টকাৰ উপহাৰ দিয়াৰ ঘোষণা কৰিছে আৰক্ষীয়ে। খবৰ দিয়া লোকৰ পৰিচয় সম্পূৰ্ণ গোপনে ৰখা হ’ব বুলি আশ্বাস দিছে আৰক্ষীয়ে।

ঘটনাক কেন্দ্ৰ কৰি দুটা পৃথক গোচৰ ৰুজু কৰা হৈছে। ধনদাবীৰ লগতে ব্যৱসায়ী লাচিত গগৈক অপহৰণ কৰাৰ পৰিকল্পনাও থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। ইফালে, ব্যৱসায়ী লাচিত গগৈৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবীও উত্থাপন হৈছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande