ৰহাৰ ৰূপহীতলীত ভয়াৱহ ৰূপত আছে বিদ্যুৎ পৰিবাহী তাঁৰ
নগাঁও, ২৭ মে (হি.স.)। ৰহা বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই ৰহাৰ ৰূপহীতলীত ভয়াৱহ ৰূপত আছে বিদ্যুৎ পৰিবাহী তাঁৰ৷ ৰহা বিদ্যুৎ উপসংমণ্ডলৰ অন্তৰ্গত ৰুপহীতলীত এতিয়া খোজে প্ৰতি অনাকাংক্ষিত বিপদৰ আশংকা৷ হাতেৰে ঢুকি পোৱা অৱস্থাত উলমি আছে বিদ্যুৎ পৰিবাহী তাঁৰ৷
ৰহাৰ ৰূপহীতলীত ভয়াৱহ ৰূপত আছে বিদ্যুৎ পৰিবাহী তাঁৰ


নগাঁও, ২৭ মে (হি.স.)। ৰহা বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই ৰহাৰ ৰূপহীতলীত ভয়াৱহ ৰূপত আছে বিদ্যুৎ পৰিবাহী তাঁৰ৷ ৰহা বিদ্যুৎ উপসংমণ্ডলৰ অন্তৰ্গত ৰুপহীতলীত এতিয়া খোজে প্ৰতি অনাকাংক্ষিত বিপদৰ আশংকা৷ হাতেৰে ঢুকি পোৱা অৱস্থাত উলমি আছে বিদ্যুৎ পৰিবাহী তাঁৰ৷ হালি পৰিছে বিদ্যুতৰ খুটাবোৰ৷

কোনদিনা খুটাবোৰ বাগৰি পৰে তাৰ কোনো ঠিকনা নাই৷ তদুপৰি ম্যাদ উকলি যোৱা তাঁৰবোৰ সঘনাই ছিগি পৰে৷ ফলত অঞ্চলটোত কেতিয়াবা ভয়ংকৰ অঘটন ঘটাৰ সম্ভৱনা স্পষ্ট হৈ পৰিছে৷ অঞ্চলটোত বিদ্যুতৰ লুকাভাকুয়েও অতিষ্ঠ কৰি তুলিছে ৰাইজক৷ স্থানীয় ৰাইজে একাধিকবাৰ ৰহা বৈদ্যুতিক উপসংমণ্ডলৰ বিষয়া কৰ্মচাৰীক এই ভয়াৱহ সমস্যাৰ কথা অৱগত কৰিছে যদিও গা লৰা নাই বিষয়া-অভিযন্তাৰ৷ অনাকাংক্ষিত বিপদলৈহে যে অপেক্ষা কৰি আছে ৰহা বৈদ্যুতিক উপসংমণ্ডলৰ বিষয়াসকল৷ বিদ্যুৎ বিভাগৰ গাফিলতিত উপায়ন্ত ৰাইজে নিজেই বাঁহৰ খুটা লগাই হাতে ঢুকি পোৱা তাঁৰবোৰ ওপৰলৈ তুলিছে যদিও ই কিমান বিপদমুক্ত সেয়া সহজেই অনুমেয়৷ সেয়ে ভয়ংকৰ বিপদ সংঘটিত হোৱাৰ আগতেই বিদ্যুতৰ খুটা আৰু তাঁৰবোৰ মেৰামতি কৰিবলৈ স্থানীয় ৰাইজে বিদ্যুৎ বিভাগক দাবী জনাইছে৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande