১ নম্বৰ ভোমৰাবিল গাঁৱত তিনি মাহ ধৰি পকী দলঙৰ কাম বন্ধ কৰি ৰখাত ক্ষুব্ধ ৰাইজ
কোকৰাঝাৰ, ২৭ মে (হি.স.)। ৫ নং পৰ্বতঝোৰা সমষ্টিৰ গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত ১ নম্বৰ ভোমৰাবিল গাঁৱত তিনি মাহ ধৰি পকী দলঙৰ কাম বন্ধ থকাৰ ফলত অঞ্চলটোৰ ৰাইজে ব্যাপক সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। বিশেষকৈ যাতায়াত ব্যৱস্থাত জটিল পৰিস্থিতিৰ সৃষ্টি হোৱা
১ নম্বৰ ভোমৰাবিল গাঁৱত তিনি মাহ ধৰি পকী দলঙৰ কাম বন্ধ কৰি ৰখাত ক্ষুব্ধ ৰাইজ


কোকৰাঝাৰ, ২৭ মে (হি.স.)। ৫ নং পৰ্বতঝোৰা সমষ্টিৰ গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত ১ নম্বৰ ভোমৰাবিল গাঁৱত তিনি মাহ ধৰি পকী দলঙৰ কাম বন্ধ থকাৰ ফলত অঞ্চলটোৰ ৰাইজে ব্যাপক সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। বিশেষকৈ যাতায়াত ব্যৱস্থাত জটিল পৰিস্থিতিৰ সৃষ্টি হোৱাত স্কুল-কলেজলৈ যোৱা ছাত্ৰ-ছাত্ৰী, ৰোগী, চাকৰিয়াল তথা সাধাৰণ জনতাই প্ৰতিদিনে হাৰাশাস্তি ভোগ কৰিবলগীয়া হৈছে।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, দলঙৰ কাম আধাতে এৰি ঠিকাদাৰী সংস্থাই বহুদিন ধৰি কাম বন্ধ কৰি ৰাখিছে। বৰষুণৰ সময়ত পথটো অধিক বেয়া হৈ পৰাত সৰু সৰু শিশু আৰু বৃদ্ধ লোকসকলৰ যাতায়াত অত্যন্ত বিপদজনক হৈ উঠিছে। বিদ্যালয়লৈ অহা-যোৱা কৰা ছাত্ৰ-ছাত্ৰীয়ে দৈনিক কষ্ট সহ্য কৰি শিক্ষাগ্ৰহণ কৰিবলগীয়া হৈছে।ৰাইজে শীঘ্ৰে দলঙৰ কাম পুনৰ আৰম্ভ কৰি সম্পূৰ্ণ কৰাৰ দাবী জনাইছে। লগতে বিভাগীয় কৰ্তৃপক্ষ আৰু জনপ্ৰতিনিধিসকলক বিষয়টোত তৎপৰতাৰে হস্তক্ষেপ কৰাৰ আহ্বান জনাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande