
বাক্সা, ২৭ মে (হি.স.)। গোৰেশ্বৰ আন্ধেৰীঘাট সংযোগী পথৰ দুৰৱস্থা ।ঠায়েঠায়ে পুখুৰী সদৃশ গাতে জীয়াতু ভুগাইছে পথচাৰীক। অতি গুৰুত্বপূৰ্ণ পথচোৱা বিভাগীয় কতৃপক্ষই মেৰামতি নকৰাৰ ফলতে ঠায়ে ঠায়ে সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁত ।
কুম্ভনিদ্ৰাত গোৰেশ্বৰ পৌৰসভা,বিটিচিৰ স্থানীয় জনপ্ৰতিনিধি মহেশ্বৰ বসুমতাৰী ৷পথচোৱা নিৰ্মাণত গুৰুত্বহীনতাৰ বাবে প্ৰতিদিনে স্কুলীয়া ছাত্ৰ-ছাত্ৰী,ৰোগী আদি বিভিন্ন পথচাৰীয়ে দুৰ্ভোগ ভুগি আহিছে ।পথচোৱা শীঘ্ৰে মেৰামতি কৰি যাতায়ত ব্যৱস্থা সূচল কৰাৰ দাবী অঞ্চলটোৰ ৰাইজৰ ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ