জনীয়াৰ সাপ্তাহিক বজাৰৰ দূৰৱস্থা
এজাক বৰষুণতেই কৃত্ৰিম বানৰ সৃষ্টি ।
জনীয়াৰ সাপ্তাহিক বজাৰৰ দূৰৱস্থা


ব্যৱসায়ী ৰাইজৰ যাতায়তৰ ক্ষেত্ৰত বিষম অসুবিধা ।

বৰপেটা, ২৭ মে’ (হি.স.): বৰপেটা জিলাৰ জনীয়া সাপ্তাহিক বজাৰ খনৰ অৱস্থা জৰ্জৰ হৈ পৰিছে। সূচল নলা–নৰ্দমা নথকাৰ বাবে বজাৰখনত একাঁঠুলৈকে পানী বান্ধ খাইছে । কেইবাদিন ধৰি হোৱা বৰষুণৰ ফলত জনীয়া সাপ্তাহিক বজাৰত একাঁঠুলৈকে পানী জমা হোৱাৰ ফলত ব্যৱসায়ী সকলে জনীয়াৰ পৰা কাদংলৈ যোৱা লোক নিৰ্মাণ বিভাগৰ পথৰ দুয়োকাষে মেলিছে দোকান।

ইফালে পথৰ কাষত দোকান মেলাৰ ফলত পথচাৰী সকলে যাতায়ত কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে যানজঁটৰ সৃষ্টি হয়। সেয়ে অতি শীঘ্ৰে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক উক্ত সমস্যা সমাধান দাবী জনায় ব্যৱসায়ী সকলৰ লগতে ৰাইজে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande