
নতুন দিল্লী, ২৭ মে’ (হি.স.)। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ ৬২ সংখ্যক মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত লিখিছে- প্ৰাক্তন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি।
উল্লেখযোগ্য যে ১৮৮৯ চনৰ ১৪ নৱেম্বৰত এলাহাবাদ (বৰ্তমান প্ৰয়াগৰাজ)ত জন্মগ্ৰহণ কৰা নেহৰুৱে ১৯৬৪ চনৰ ২৭ মে’ত শেষ নিশ্বাস ত্যাগ কৰিছিল । ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা মৃত্যুৰ আগলৈকে ১৬ বছৰ আৰু ২৮৬ দিন দেশৰ নেতৃত্ব দিছিল। তেওঁৰ গ্ৰন্থসমূহৰ ভিতৰত ডিস্কোভাৰ ইণ্ডিয়া এক উল্লেখযোগ্য গ্ৰন্থ।
নেহৰুৰ স্মৃতিসৌধ শান্তি বন। নতুন দিল্লীৰ মহাত্মা গান্ধীৰ স্মৃতিসৌধ (ৰাজঘাট)ৰ ঠিক উত্তৰে ৰিং ৰোডত যমুনা নদীৰ পাৰত অৱস্থিত এই স্মৃতিসৌধ।
--------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ