
কামৰূপ, ২৭ মে (হি.স.)। বাইহাটা চাৰিআলিত অঘটন । পানীত ডুবি মৃত্যু এটি শিশুৰ । কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰুৱাজানী গাঁৱত সংঘটিত হয় এই শোকাবহ ঘটনাটি । বৰুৱাজানী গাঁৱৰ নব শৰ্মাৰ ১০ বছৰীয়া পুত্ৰ শশাংকই খেলি আছিল সমনীয়াৰ সতে ।
হঠাৎ বলটো পানীত পৰাত বলটো আনিবলৈ নামি যায় পানী । সাতুৰিব নজনা শশাংকই তেনেকৈয়ে পানীত ডুব গৈ মৃত্যুক আকোৱালি লয় ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা