মণিপুৰত বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ জব্দ, উগ্ৰপন্থীৰ ঘাটি উৎখাত
চূড়াচাঁন্দপুৰ , ২৭ মে (হি.স.)। চুবুৰীয়া ৰাজ্য মনিপুৰত বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ জব্দ। উগ্ৰপন্থীৰ ঘাটি উৎখাত। অশান্ত জৰ্জৰ মনিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান নিৰাপত্তা বাহিনীৰ। চূড়াচাঁন্দপুৰ জিলাৰ গভীৰ জংঘল এলেকাৰ হেংকত গাৱত মনিপুৰ
মণিপুৰত বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ জব্দ, উগ্ৰপন্থীৰ ঘাটি উৎখাত


চূড়াচাঁন্দপুৰ , ২৭ মে (হি.স.)। চুবুৰীয়া ৰাজ্য মনিপুৰত বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ জব্দ। উগ্ৰপন্থীৰ ঘাটি উৎখাত।

অশান্ত জৰ্জৰ মনিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান নিৰাপত্তা বাহিনীৰ। চূড়াচাঁন্দপুৰ জিলাৰ গভীৰ জংঘল এলেকাৰ হেংকত গাৱত মনিপুৰ আৰক্ষী আৰু অসম ৰাইফলছে যুটীয়া অভিযান চলাই জব্দ কৰে বুজন পৰিমাণৰ মাৰণাস্ত্ৰ, গুলি আৰু বিস্ফোৰক সামগ্ৰী। লগতে উৎখাত কৰা হয় উগ্ৰপন্থীৰ এটা ঘাটি। অভিযানত মেগজিন সহ ১টা এম কে ৰাইফল, ১টা একে ৪৭ ৰাইফল, ১টা .৩০৩ ৰাইফল, ১টা ১২ বোৰ ৰাইফল, একোটাকৈ দেশত নিৰ্মিত .২২ ৰাইফল আৰু ১২ বোৰ ৰাইফল , ১টা .২২ স্নাইপাৰ ৰাইফল, ৩টা এছ বি এম এল আৰু এছ বি বি এল গান ৫ টকা আই ই ডি সহ অসংখ্য গুলি, বিস্ফোৰক সামগ্ৰী আৰু অনান্য বহুতো আপত্তিজনক সামগ্ৰী জব্দ কৰা হয়। নিৰাপত্তা বাহিনীয়ে দাবী কৰা মতে এই অস্ত্ৰবোৰ অশান্তি সৃষ্টিৰ উদ্দেশ্যে মজুত কৰা হৈছিল।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande