
বৰপেটা, ২৭ মে (হি.স.)। বৰপেটাত ঈদ-উল-আজহাক লৈ জিলা প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা |
ঈদ-উল-আজহাৰ সময়ত আইন-শৃংখলা ৰক্ষাৰ বাবে জাৰি কৰা হৈছে কেইবাটাও কঠোৰ নিৰ্দেশনা |
ঈদ-উল-আজহা উদযাপনৰ সময়ছোৱাত আইন শৃংখলা অটুট ৰখাৰ উদ্দেশ্য জিলা প্ৰশাসন, আৰক্ষী অধীক্ষক আৰু মছজিদ সমিতিৰ মাজত অনুস্থিত বৈঠকত গ্ৰহন কৰা হৈছে ১০টা নিয়ম ।
বৰপেটাৰ জিলা উন্নয়ন আয়ুক্ত গীতালি দুৱৰাৰ সভাপতিত্বত জিলা আযুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুস্থিত বৈঠকত ঈদ-উল-আজহা শান্তিপূর্ণভাৱে উদযাপনৰ বাবে প্ৰযোজ্য কৰা হৈছে এই নিয়ম-
ধর্মীয় অনুভূতিত আঘাত অথবা আইন শৃংখলা বিঘ্নিত হব পৰা কামৰ পৰা বিৰত থকাৰ আহ্বান |
বৰপেটা জিলাৰ সকলো থানাকে সজাগ হৈ থকাৰ আহ্বান |
ধর্মসভা/ঈদ মেহফিলসমূহত কম স্বৰত মাইক বজোৱা আৰু নিশা ১০ বজাৰ পিছত মাইক বজোৱা বন্ধ কৰা ।
পথত যান-বাহন ৰখাই যান জঁটৰ সৃষ্টি নকৰা ।
আৰু বৰষুণৰ পানী জমা হোৱা ঈদগাহৰ পৰিৱৰ্তে মচজিদত নামাজ আদায় কৰা ।
আনহাতে যিকোনো অপ্রীতিকৰ ঘটনাক লৈ সামাজিক মাধ্যমত প্ৰচাৰৰ পূৰ্বে জিলা প্ৰশাসন আৰু আৰক্ষীক অৱগত কৰাৰ কঠোৰ নিৰ্দেশনা ।
প্ৰয়োজন সাপেক্ষে যুটীয়া স্বাস্থ্য সঞ্চালক, ৰাজহ চক্ৰ বিষয়াৰে আলোচনা কৰি প্ৰয়োজন সাপেক্ষে স্বাস্থ্য গোট গঠনৰো নিৰ্দ্দেশ প্ৰশাসনৰ ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা