
ইটানগৰ, ২৭ মে (হি.স.)। অৰুণাচল প্ৰদেশৰ ইষ্ট ছিয়াং জিলাত ১২ ঘণ্টীয়া বন্ধ ঘোষণা লেগং বেনগো ছাত্ৰ সন্থা ৰ এন্টি ড্ৰাগছ ৱাৰিঅ'ৰ সভাপতি গুমিন মিজেক জামিন মঞ্জুৰৰ দাবীত ১২ ঘণ্টীয়া বন্ধ ঘোষণা।
অৰুণাচল প্ৰদেশৰ এন্টি ড্ৰাগছ ৱাৰিঅ'ৰ সভাপতি গুমিন মিজেক শীঘ্ৰে জামিন মঞ্জুৰৰ দাবীত আজি অৰুণাচল প্ৰদেশৰ ইষ্ট ছিয়াং জিলাত লেগং বেনগো ছাত্ৰ সন্থা ৰ লগতে কেইবাটাও স্থানীয় দল সংগঠনৰ সহযোগত পুৱাৰে পৰা ১২ ঘণ্টীয়া বন্ধ ঘোষণা কৰিছে।
এই বন্ধৰ ফলত অসম অৰুণাচল সীমান্তৰ কেইবাটাও ব্যৱসায়িক প্ৰতিষ্ঠানত ব্যাঘাত জন্মাৰ লগতে অসম অৰুণাচল প্ৰদেশৰ বিভিন্ন প্ৰান্তৰ দূৰ দূৰণিৰ পৰা অহা যাত্ৰী সকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।
উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে অৰুনাচল প্ৰদেশৰ এন্টি ড্ৰাগছ ৱাৰিঅ'ৰ নামৰ বেচৰকাৰী সংস্থাটোৰ সভাপতি গুমিন মিজেক লখিমপুৰ আৰু অৰুণাচল আৰক্ষীয়ে যৌথ অভিযান চলাই ইটানগৰৰ পৰা আটক কৰিছিল। এই ঘটনাৰ পিছতে অৰুনাচল প্ৰদেশৰ বিভিন্ন দল সংগঠনে গুমিন মিজেক জামিন মঞ্জুৰৰ দাবীত প্ৰতিবাদ কৰি আহিছে। এই প্ৰতিবাদৰ পিছতে আজি গুমিন মিজেক জামিন প্ৰদানৰ কথা মৌখিক ভাৱে জনাইছে যদিও লিখিত জামিন মঞ্জুৰ প্ৰদান নকৰাৰ পিছতে এই ১২ ঘণ্টীয়া বন্ধ ঘোষণা কৰিছে।
ইফালে যদিহে আজিৰ দিনটোৰ ভিতৰত গুমিন মিজেক জামিন প্ৰদান নকৰে তেন্তে পৰৱৰ্তী সময়ত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে লেগং বেনগো ছাত্ৰ সন্থা ৰ লগতে সহযোগ কৰা অন্যান্য দল সংগঠনৰ কৰ্মীসকলে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা