নগাঁৱ
নগাঁও, ২৭ মে (হি.স.)। নগাঁৱৰ ৰাঙলুত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা ৷ এখন তীব্ৰবেগী বাইকে দুগৰাকী মহিলা পথচাৰীক মহতিয়াই ডিভাইদাৰত খুন্দা মাৰে ৷ থিতাতে নিহত দুই বাইক আৰোহী। দুৰ্ঘটনাৰ ফলত আহত হয় দুই পথচাৰী ৷ নিহত বাইক আৰোহী দুজনৰ নাম ক্ৰমে ৰকিবুল হুছেইন আৰ
নগাঁৱ


নগাঁও, ২৭ মে (হি.স.)। নগাঁৱৰ ৰাঙলুত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা ৷

এখন তীব্ৰবেগী বাইকে দুগৰাকী মহিলা পথচাৰীক মহতিয়াই ডিভাইদাৰত খুন্দা মাৰে ৷

থিতাতে নিহত দুই বাইক আৰোহী। দুৰ্ঘটনাৰ ফলত আহত হয় দুই পথচাৰী ৷

নিহত বাইক আৰোহী দুজনৰ নাম ক্ৰমে ৰকিবুল হুছেইন আৰু ইক্ৰামূল হ'ক ৷

সংকটজনক অৱস্থাত আহত দুই মহিলাক নগাঁৱৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়৷

ঈদৰ বজাৰ কৰি নিশা ঘৰলৈ গৈ থকা অৱস্থাত এই দূৰ্ঘটনা সংঘটিত হয়৷

দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নং এ এছ ০২ এ কিউ ১৫৭৭ বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande