
মানকাচৰ, ২৭ মে (হি.স.)। মেঘালয়ৰ পানীৰ ঢলে বুঢ়াই পেলাইছে মানকাচৰৰ শ শ বিঘা কৃষি ভুমি। পানীত বুৰ গৈছে শ শ বিঘা খেতিঃ বৃহৎ ক্ষতিৰ সন্মুখিন শ শ কৃষক
মেঘালয়ৰ গাৰো পাহাৰত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত নামি অহা প্ৰবল পানীৰ ঢলে মানকাচৰত সৃষ্টি কৰিছে ব্যাপক ক্ষতিসাধন। পাহাৰীয়া ঢল অহাৰ পিছতেই অলপ সময়ৰ ভিতৰতে অঞ্চলটোৰ বিস্তীৰ্ণ কৃষিভূমি পানীত সম্পূৰ্ণ জলমগ্ন হৈ পৰে।
মেঘালয়ৰ পৰা নামি অহা পানীয়ে মানকাচৰৰ কুচনিমাৰা অঞ্চলৰ শ শ বিঘা ধাননি পথাৰ আৰু শাক-পাচলিৰ খেতি সম্পূৰ্ণৰূপে নষ্ট কৰি পেলাইছে।
শ শ বিঘা পথাৰখন পানীত ডুবি যোৱাৰ বাবে বহুত কৃষকে এডালো ফচলো ৰক্ষা কৰিব নোৱাৰিলে। বহু ঠাইত কৃষকে পানীত ডুবি ডুবি ধান কাটিছে ৷ কুছনিমাৰা অঞ্চলৰ স্থানীয় কৃষকসমাজক চূড়ান্ত আৰ্থিক সংকটলৈ ঠেলি দিছে।
এতিয়ালৈকে প্ৰশাসনৰ ফালৰ পৰা ভুক্তভোগী কৃষক সকলে কোনো সহায় সহযোগিতা লাভ কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে কৃষকে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা