
মৰিগাঁও, ২৭ মে (হি.স.)। ধুবুৰী , হোজাইৰ পিছত এইবাৰ মৈৰাবাৰীত মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি।
মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি মুছলিম ছাত্ৰ সন্থা অসম চমুকৈ মূচাৰ।
মুছলমান সমাজক গৰু কোৰবানীৰ পৰা বিৰত থাকিবলৈ জনোৱা আহবানক পূৰ্ণ সমৰ্থন আগবঢ়াইছে মুছলিম ছাত্ৰ সন্থা অসম চমুকৈ মুচাৰ কেন্দ্ৰীয় সভাপতি আশ্বিক ৰব্বানীয়ে।
অসম খন যিহেতু বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি, সেয়েহে সকলো মুছলিম ধৰ্মৰ লোকক এইবাৰ আগন্তুক ঈদত গৰুৰ সলনি বিকল্প পন্থা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে মুচাৰ সভাপতি আশ্বিক ৰাব্বানীয়ে।
মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই এইবাৰ মৈৰাবাৰী অঞ্চলত পূৰ্বৰ তুলনাত গৰুৰ কোৰবানী হ্ৰাস পোৱা বুলিও দাবী কৰিছে সংগঠনটোৰ সভাপতিগৰাকীয়ে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা