লংকাৰ অঞ্চলৰ ৩৬০ টাকৈ মজিদৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ
হোজাই, ২৭ মে (হি.স.)। লংকাৰ অঞ্চলৰ ৩৬০ টাকৈ মজিদৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ । পৱিত্ৰ ঈদ উল আজহা উপলক্ষে কোৰৱানী দিয়াৰ বিষয়ত এই সিদ্ধান্ত, লঙ্কা টাউন জামে মজিদৰ অধীনৰ ৩৬০ টা মজিদৰ। অসম চৰকাৰে প্ৰযোজ্য কৰা গো সুৰক্ষা আইনৰ প্ৰতি সন্মান জনাই , এই
লংকাৰ অঞ্চলৰ ৩৬০ টাকৈ মজিদৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ


হোজাই, ২৭ মে (হি.স.)। লংকাৰ অঞ্চলৰ ৩৬০ টাকৈ মজিদৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ । পৱিত্ৰ ঈদ উল আজহা উপলক্ষে কোৰৱানী দিয়াৰ বিষয়ত এই সিদ্ধান্ত, লঙ্কা টাউন জামে মজিদৰ অধীনৰ ৩৬০ টা মজিদৰ। অসম চৰকাৰে প্ৰযোজ্য কৰা গো সুৰক্ষা আইনৰ প্ৰতি সন্মান জনাই , এইবাৰ ঈদত গৰু কোৰৱানী দিয়াৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত ।

ঈদত গৰু কোৰৱানী দিয়াৰ পৰিবৰ্তে অন্য বৈধ জন্তু কোৰৱানী দিবলৈ সিদ্ধান্ত কৰিছে লংকা,কাকী ,লস্কৰপথাৰ নখুঁটি আদিকে ধৰি বৃহত্তৰ এলেকাৰ ৩৬০ টা মজিদৰ ইমামসকলে ।

আনফালে ৰাজ্যৰ ভিতৰতে সৰ্ববৃহৎ লংকাৰ মংগলবৰীয়া বজাৰত দেখা এক পৃথক ছবি ৷ সততে গৰু ছাগলীৰে গিজগিজাই থকা সাপ্তাহিক বজাৰখত ঈদৰ আগমূহূৰ্তত গৰু উপলব্ধ নহ'ল ৷

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande