
বেইৰুট (লেবানন)/টেল আভিভ (ইজৰাইল), ২৭ মে’ (হি.স.)। লেবাননত চলি থকা যুদ্ধবিৰতিৰ মাজতে ইজৰাইলে দক্ষিণ লেবাননত থকা হিজবুল্লাহৰ দুৰ্গত আকাশ আৰু স্থল আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে। এই আক্ৰমণত মঙলবাৰে কমেও ৩৪ জন লোক নিহত হোৱাৰ লগতে ৪০ জন আহত হয়। ইফালে ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে দক্ষিণ আৰু পূব লেবাননৰ চহৰ আৰু গাঁওসমূহ বলপূৰ্বকভাৱে খালী কৰিবলৈ আৰম্ভ কৰিছে।
লেবাননৰ ল’ৰিয়েণ্ট টুডে কাকতত প্ৰকাশিত এক বাতৰি অনুসৰি ইজৰাইলৰ এই আক্ৰমণে দক্ষিণ লেবাননত আতংক বিয়পাইছে। ইজৰাইলৰ স্থল বাহিনীৰ তীব্ৰতৰ আক্ৰমণৰ পৰা হাত সাৰিবলৈ পলায়ন কৰিছে লোকসকল। স্থল বাহিনী আগবাঢ়িছে। আইডিএফে পূব লেবাননৰ বেকা অঞ্চলৰ মাছগাৰা আৰু অলপ উত্তৰ দিশত কৌশলগত কাৰাউন বান্ধত আক্ৰমণ কৰিছে।
আইডিএফৰ উদ্যোগত নবাটিয়েহ নগৰৰ পৰা জনসাধাৰণক উলিয়াই অনাৰ কাম আৰম্ভ হৈছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে কয় যে ইয়াৰ লক্ষ্য হৈছে উত্তৰ ইজৰাইলৰ সম্প্ৰদায়সমূহৰ সুৰক্ষা নিশ্চিত কৰা। ইফালে গোলাবৰ্ষণত আবদ্ধ হৈ থকা লাখ লাখ লোকৰ বাবে যুদ্ধবিৰতিৰ ভ্ৰম সম্পূৰ্ণৰূপে ছিন্নভিন্ন হৈ পৰিছে।
ইজৰাইলৰ সেনাই কয় যে উত্তৰ ইজৰাইলৰ কেইবাটাও অঞ্চলত বিমান আক্ৰমণৰ আশংকাত চাইৰেন বাজি আছে। ইফালে, দক্ষিণ লেবানন আৰু উত্তৰ ইজৰাইলত ইজৰাইলৰ সামৰিক ঘাটিত ২২টা আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে হিজবুল্লাই। লেবাননৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি সোমবাৰে সন্ধিয়া বেকা উপত্যকাৰ মাছঘাৰা গাঁৱৰ এটা অট্টালিকাত ইজৰাইলৰ আক্ৰমণত কমেও ১১ জন লোক নিহত হয়।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ