

কামৰূপ, ২৭ মে (হি.স.)। কামৰূপৰ হাজোৰ দুই নং শৌলমাৰীৰ পুঠিমাৰী নৈত আজি এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাল্যঞ্চৰ সৃষ্টি কৰে। শৌলমাৰীৰ ওচৰৰ পুঠিমাৰী নৈৰ বুকুত আজি পুৱাৰ ভাগত কেইজনমান বাটৰুৱাই পানী যুৱলিত এটা মৃতদেহ ওপঙি থকা প্ৰত্যক্ষ কৰে।
পিছত ৰাইজে মৃতদেহৰ সন্দৰ্ভত ৰামদিয়া আৰক্ষীক অৱগত কৰে। ঘটনা খৱৰ পোৱা মাত্ৰেই ৰামদিয়া আৰক্ষীৰ এটা দল ঘটনাৰ স্থলীত উপস্থিত হয়।
আৰক্ষীয়ে স্থানীয় গাঁও প্ৰধানৰ সহযোগত মৃতদেহ উদ্ধাৰ কৰি লৈ আহে। আৰক্ষী সূত্ৰে জানিব পৰা অনুসৰি উদ্ধাৰকৃত মৃতদেহটো এগৰাকী ৩৫বছৰীয়া পুৰুষৰ। বাতৰি সংগ্ৰহ কৰা পৰ্যন্তলৈকে মৃতদেহটো চিনাক্ত কৰিব পৰা হোৱা নাই। ইফালে ৰামদিয়া আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অনুসন্ধান চলাই আছে।
হিন্দুস্থান সমাচাৰ / Narayan Kar