হেকাৰৰ কবলত হোজাইৰ এজন যুৱক
হেকাৰৰ কবলত হোজাইৰ এজন যুৱক।
হেকাৰৰ কবলত হোজাইৰ এজন যুৱক


হোজাই, ২৭ মে’ (হি.স.): হেকাৰৰ কবলত পৰিছে হোজাইৰ এজন যুৱক । যুৱক জনৰ ম'বাইল হেক কৰি ভিন্ন প্ৰান্তৰ পৰা সংগ্ৰহ কৰিছে টকা । হোৱাটএপ (Whatsapp)ৰ জৰিয়তে দীৰ্ঘদিন ধৰি ভিন্ন চল-চাতুৰিৰে ধন আত্মসাৎ কৰি আহিছিল হেকাৰৰ দলটোৱে । শাৰীৰিক অসুস্থতাৰ কথা কৈ ভিন্ন জনক পঠাইছিল স্কেনাৰ আৰু বিচাৰিছিল টকা । বিশাল চোহান নামৰ যুৱকজনৰ লগত সংঘটিত হৈছে এই ঘটনা । যুৱক জনৰ ঘৰ হোজাই উত্তৰ বিদ্যানগৰত।

হেকাৰৰ দলটোৱে ৬২ হেজাৰৰ পৰা 70 হাজাৰ টকা সংগ্ৰহ কৰি লুন্ঠন কৰে। জানিব পৰামতে, ভিন্ন লোকৰ পৰা ৭৫৭৬৮৭০০৫৩ এই নম্বৰ পৰা মেছেজ কৰি এই লুন্ঠন চলোৱাৰ কথা জানিব পৰা গৈছে । কাৰণ এই নাম্বাৰৰ জৰিয়তেই ভিন্ন জনৰ পৰা whatsapp ৰ জৰিয়তে ধন আত্মসাৎ কৰিছে এটা দুষ্ট চক্ৰই। আনহাতে আন আন লোকৰ লগতে হব পাৰে এনেকুৱা ঘটনা । সেয়েহে এতিয়াই সাৱধান হোৱা উচিত। ইতিমধ্যে হোজাই আৰক্ষী থানাক সমগ্ৰ ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে । আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande