
হোজাই, ২৭ মে (হি.স.)। কাইলৈ ঈদ-উল আজহা অৰ্থাৎ ক্বোৰবানীৰ ঈদ৷ এইবাৰ ক্বোৰবানীৰ ঈদত গৰু ক্বোৰবানী নকৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুছলমান সমাজক আহ্বান জনাইছিল৷ মুখ্যমন্ত্ৰীৰ এই আহ্বানৰ প্ৰতি সহাৰি জনাই ৰাজ্যৰ কেবাটাওঁ অঞ্চলত গৰুৰ ক্বোৰবানী নকৰিবলৈ মুছলমান সমাজে সিদ্ধান্ত গ্ৰহণ কৰে৷ তদুপৰি সোমবাৰৰ পৰা হোজাই জিলাত গৰুৰ ক্ৰয়-বিক্ৰয় আৰু সৰবৰাহ বন্ধ কৰিছে জিলা আয়ুক্তই৷
সমান্তৰাল ভাৱে মুছলমান সমাজেও ছাগলী বা খাহী ক্বোৰবানী কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে৷ লগে লগে সক্ৰিয় হৈ পৰে চিণ্ডিকেট চক্ৰ৷নিশাৰ ভিতৰতে দ্বিগুণ বৃদ্ধি পায় ছাগলীৰ দাম৷ দালাল চক্ৰ সমূহে ছাগলী সমূহ গাওঁ অঞ্চলৰ ৰৰা সংগ্ৰহ কৰি শ শ ছাগলী ঘৰতে মজুত কৰি ৰাখি কৃত্ৰিম ভাৱে ছাগলীৰ দাম বৃদ্ধি কৰে৷ফলত দহ হেজাৰ টকাৰ একো একোটা ছাগলীৰ মূল্য হৈ পৰে বিশৰ পৰা পচিছ হেজাৰ৷ বিশ হেজাৰ টকা মূল্যৰ এটা খাহীৰ দাম হয় গৈ ত্ৰিছৰ পৰা চল্লিছ হেজাৰ৷এনেকৈয়ে এটা দিনৰ ভিতৰতে হোজাই জিলাৰ বিভিন্ন বজাৰত আকালংঘী হৈ পৰে ছাগলীৰ দাম৷ ছাগলীৰ বজাৰৰ এই চিণ্ডিকেটৰাজ বন্ধ কৰিবলৈ জিলা প্ৰশাসন তথা চৰকাৰলৈ আহ্বান জনায় হোজাইৰ মুছলমান চিভিল চ'ছাইটীৰ কৰ্মকৰ্তা সকলে৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ