গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তৰ পৰিয়ালৰ সৈতে প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ
নতুন দিল্লী, ২৭ মে’ (হি.স.)। গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তই বুধবাৰে নতুন দিল্লীত পৰিয়ালৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে। তেওঁৰ পিতৃ পাণ্ডুৰাং সাৱন্ত, পত্নী সুলক্ষনা সাৱন্ত, কন্যা পাৰ্থভিও উপস্থিত আছিল। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম
गोवा के मुख्यमंत्री प्रमोद सावंत बुधवार को नई दिल्ली में परिवार सहित प्रधानमंत्री नरेन्द्र मोदी से मुलाकात के दौरान


নতুন দিল্লী, ২৭ মে’ (হি.স.)। গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তই বুধবাৰে নতুন দিল্লীত পৰিয়ালৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে। তেওঁৰ পিতৃ পাণ্ডুৰাং সাৱন্ত, পত্নী সুলক্ষনা সাৱন্ত, কন্যা পাৰ্থভিও উপস্থিত আছিল।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এই বৈঠকৰ ফটো শ্বেয়াৰ কৰি ড০ প্ৰমোদ সাৱন্তই কয় যে ‘সেৱা তীৰ্থ’ত পৰিয়ালৰ সৈতে প্ৰধানমন্ত্ৰীক লগ পোৱাটো তেওঁৰ বাবে এক সন্মান আৰু সৌভাগ্যৰ কথা। জনসংঘৰ জৰিয়তে সামাজিক কাম আৰম্ভ কৰি গোটেই জীৱন সেৱাৰ মনোভাৱক আগুৱাই লৈ যোৱা পিতৃৰ বাবে এই বৈঠক বিশেষভাৱে আৱেগিক মুহূৰ্ত আছিল বুলিও তেওঁ কয়।

গোৱাৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী মোডীক কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে তেওঁ লাখ লাখ কাৰ্যকৰ্তাক দেশ সেৱাৰ বাবে অনুপ্ৰাণিত কৰি আহিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande