
ডিব্ৰুগড়, ২৭ মে’ (হি.স.): ডিব্ৰুগড় জিলাৰ লাহোৱাল আৰক্ষীয়ে পুনৰ এবাৰ ড্ৰাগছ আৰু নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে কঠোৰ অভিযান চলাই উল্লেখযোগ্য সফলতা লাভ কৰিছে । লাহোৱালৰ মদাৰখাত চাহ বাগিচাৰ গোদাবাহাৰ লাইনত চলোৱা এক গোপন অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ।
প্ৰাপ্ত তথ্য অনুসৰি, অঞ্চলটোত দীৰ্ঘদিন ধৰি একাংশ অসাধু লোকে গোপনে গাঞ্জাৰ বেহা চলাই আহিছিল। বিশেষকৈ নৱপ্ৰজন্মক লক্ষ্য কৰি এই অবৈধ ব্যৱসায় চলি থকাৰ অভিযোগ উত্থাপিত হৈ আহিছিল। ইয়াৰ পিছতেই লাহোৱাল আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি মদাৰখাত চাহ বাগিচাৰ গোদাবাহাৰ লাইনৰ বাসিন্দা দীপক মুড়া নামৰ এজন ব্যক্তিৰ বাসগৃহত কালি নিশা তালাচী চলাই প্ৰায় ৭৪৮ গ্ৰাম গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। জব্দ কৰা গাঞ্জাখিনি সৰু সৰু পেকেটত সংৰক্ষণ কৰি বিক্ৰীৰ বাবে সাজু কৰি ৰখা হৈছিল বুলি আৰক্ষী সূত্ৰে জানিবলৈ দিয়ে। অভিযানৰ সময়তে আৰক্ষীয়ে অভিযুক্ত দীপক মুড়াক আটক কৰে।
ইতিমধ্যে ঘটনাক কেন্দ্ৰ কৰি লাহোৱাল আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে আৰু এই অবৈধ বেহাৰ সৈতে আন কোনো লোক জড়িত আছে নেকি সেই দিশতো তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। উল্লেখযোগ্য যে, সাম্প্ৰতিক সময়ত ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত নিষিদ্ধ ড্ৰাগছ আৰু গাঞ্জাৰ বেহা বৃদ্ধি পোৱাক লৈ সচেতন মহলত গভীৰ উদ্বেগৰ সৃষ্টি হৈছে। বিশেষকৈ নৱপ্ৰজন্মক ধ্বংসৰ পথলৈ ঠেলি দিয়া এনে অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ ভূমিকা গ্ৰহণৰ দাবী জনাই আহিছে স্থানীয় ৰাইজে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ