
শ্ৰীভূমি, ২৭ মে (হি.স.)। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া গাঁতৰ মিছিল, বৰষুণৰ ফলত ঘাইপথেৰে চলাচল কৰা ৰাইজে এতিয়া যমৰ যাতনা ভুগিব লগা হৈছে।
অসম -ত্ৰিপুৰা সংযোগী পথৰ দুৰৱস্থাৰ বাবে প্ৰতিদিনেই দুৰ্ঘটনা সংঘটিত হৈ আহিছে। তথাপি কানসাৰ নাই এন এইছ ডি চি এল কৰ্তৃপক্ষৰ।
শ্ৰীভূমি জিলা প্ৰবেশ পথ বদৰপুৰ ঘাটৰ পৰা আৰম্ভ কৰি শ্ৰীভূমি সদৰ কিংবা বাইপাছ সকলো ঠাইতে ঘাইপথৰ উপৰত এতিয়া পুখুৰী সদৃশ গাঁত।
তাৰ মাজত মৃত্যুৰ জমদূত হৈ ৰাষ্ট্ৰীয় ঘাইপথত অহৰহ চলাচল লাইমষ্টোন বোঝাই ট্রিপাৰসমূহৰ।
এই সকল ট্ৰিপাৰ সমুহৰ চালকৰ ড্ৰাইভিং লাইচেঞ্চ আৰু গাড়ীৰ নথি-পত্ৰ থকাৰ পিছতো বহু ক্ষেত্ৰত নিয়ম ভংগ কৰি অত্যাধিক গতিত চলাচল কৰা কিংবা অ'ভাৰ লোডৰ অভিযোগ উত্থাপিত হৈ আহিছে । দিন-ৰাতি দৌৰি ফুৰা এই ভাৰী বাহনসমূহে আতংকৰ সৃষ্টি কৰিছে সমগ্ৰ বৰাক উপত্যকাজুৰি।
বিশেষকৈ বদৰপুৰ, কালাইনসহ বৰাক উপত্যকাৰ বিভিন্ন স্থানত ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা এতিয়া একেবাৰে শোচনীয়। বৃহৎ ট্রিপাৰৰ লাগাতাৰ চলাচলত পথসমূহ খানাখন্দে ভৰি পৰিছে।
ফলত প্ৰতিদিনেই সংঘটিত হৈ আছে সৰু-বৰ পথ দুৰ্ঘটনা। বহু নিৰীহ লোকে আঘাতপ্ৰাপ্ত হোৱাৰ বিপৰীতে বহু পৰিয়ালে হেৰুৱাবলগীয়া হৈছে নিজৰ আপোনজনক।
স্থানীয় ৰাইজৰ অভিযোগ, নিয়ন্ত্ৰণহীন ভাৱে চলাচল কৰা লাইমষ্টোন বোঝাই ভাৰী বাহনসমূহৰ বাবেই এই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। সাধাৰণ মানুহে প্ৰতিদিনে জীৱন হাতত লৈ এই মৃত্যুফান্দ সদৃশ ঘাইপথৰে দি যাতায়াত কৰিবলৈ বাধ্য হৈছে।
ইয়াৰ মাজতে যোৱা নিশাত বদৰপুৰ আৰক্ষীয়ে অভিযান চলাই পাঁচখন লাইমষ্টোন বোঝাই ট্রিপাৰ আটক কৰে। আৰক্ষীৰ ফালৰ পৰা জানোৱা হৈছে যে, অত্যাধিক গতিত গাড়ী চলোৱাৰ অভিযোগত এই বাহনসমূহ আটক কৰা হৈছে। আৰক্ষীৰ এই পদক্ষেপক সাধাৰণ ৰাইজে আদৰণি জনাইছে যদিও, সচেতন মহলৰ দাবী নিয়ম ভংগ কৰি চলাচল কৰা ভাৰী বাহনৰ বিৰুদ্ধে নিয়মীয়া কঠোৰ অভিযান অব্যাহত ৰাখিব লাগে,যতে পথ দুৰ্ঘটনা হ্ৰাস পোৱাৰ লগতে সাধাৰণ যাত্ৰীৰ সুৰক্ষা নিশ্চিত হয়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা