শিৱসাগৰ জিলাৰ জ্য়েষ্ঠ্য আৰক্ষী অধীক্ষক পাপৰি চেতিয়াৰ মাতৃ প্ৰয়াত বিজয়া চেতিয়াৰ নেত্ৰদান
শিৱসাগৰ জিলাৰ জেষ্ঠ্য আৰক্ষী অধীক্ষক পাপৰি চেতিয়াৰ মাতৃ প্ৰয়াত বিজয়া চেতিয়াৰ(প্ৰায় ৭০) নেত্ৰদান।
শিৱসাগৰ জিলাৰ জ্য়েষ্ঠ্য আৰক্ষী অধীক্ষক পাপৰি চেতিয়াৰ মাতৃ প্ৰয়াত বিজয়া চেতিয়াৰ নেত্ৰদান


শিৱসাগৰ, ২৭ মে’ (হি.স.): শিৱসাগৰ জিলাৰ জ্য়েষ্ঠ্য আৰক্ষী অধীক্ষক পাপৰি চেতিয়াৰ মাতৃ প্ৰয়াত বিজয়া চেতিয়াই নেত্ৰদান কৰিছে ।পুৱা এখন সংবাদমেল সম্বোধন কৰাৰ বাবে কাৰ্যালয়ত উপস্থিত হোৱাৰ সময়তে চৰকাৰী আবাসত থকা মাতৃয়ে ইহলীলা সম্বৰণ কৰে। মৃত্য়ুৰ সময়ত তেখেতৰ ৭০ বছৰ বয়স হৈছিল। জ্য়েষ্ঠ্য আৰক্ষী অধীক্ষক গৰাকীৰ সন্মতিক্ৰমে মৃত মাতৃৰ নেত্ৰদান কৰা হয়।

যোৰহাটৰ জেউতি আই বেংক শিৱসাগৰত উপস্থিত হৈ মৃত বিজয়া চেতিয়াৰ ক্ৰনিয়া সংগ্ৰহ কৰে । আৰক্ষী অধীক্ষক গৰাকীৰ মাতৃগৃহ শিৱসাগৰ জিলাৰ বেতবাৰী বোকাবিলত । দীৰ্ঘদিন ধৰি ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল বিজয়া চেতিয়া । বৰ্তমানেও তেখেতৰ নশ্বৰ দেহ চৰকাৰী আৱাসগৃহতে ৰখা হৈছে । জ্য়েষ্ঠ্য আৰক্ষী অধীক্ষক পাপৰি চেতিয়াৰ জেষ্ঠ্য ভাতৃ অষ্ট্ৰেলিয়াৰ পৰা আহি পোৱাৰ পাছতেই শিৱসাগৰস্থিত শান্তিবনত সম্পন্ন কৰা হ’ব অন্ত্য়েষ্টিক্ৰিয়া ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande