কলিয়াবৰৰ হাতীমূৰাত প্ৰৱল খহনীয়া
কলিয়াবৰৰ হাতীমূৰাত প্ৰৱল খহনীয়া।
কলিয়াবৰৰ হাতীমূৰাত প্ৰৱল খহনীয়া


নগাঁও, ২৭ মে’ (হি.স.): নগাঁও জিলাৰ প্ৰত্নতাত্বিক স্থান সমূহৰ ভিতৰত অন্যতম কলিয়াবৰৰ হাতীমূৰাত ব্ৰহ্মপুত্ৰৰ প্ৰৱল গড়াখহনীয়াৰ সৃষ্টি হৈছে । প্ৰত্নতাত্ত্বিক সমলৰে পৰিপূৰ্ণ হাতীমূৰাৰ দূৰ্গা মন্দিৰৰ নামনিত বিগত এমাহে ব্ৰহ্মপুত্ৰৰ প্ৰৱল গড়াখহনীয়াই অঞ্চলটোৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে ।

শেহতীয়াকৈ হাতীমূৰা মন্দিৰৰ নামনিত ব্ৰহ্মপুত্ৰৰ পানীয়ে গতিপথ সলনি কৰি ঘূৰ্ণীয়মান খহনীয়া অব্যাহত ৰাখিছে যদিও খহনীয়া নিয়ন্ত্ৰণ কৰাত কনমানো সফল হোৱা নাই জলসম্পদ বিভাগ । ইফালে নগাঁও জিলা প্ৰশাসনৰ তৰফৰ পৰাও কোনো গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই । জিলা উপায়ুক্ত গৰাকীয়ে কেইদিনমান পূৰ্বে খহনীয়া স্থান পৰিদৰ্শন কৰি খহনীয়া প্ৰতিৰোধৰ আশ্বাস প্ৰদান কৰিছিল যদিও বৰ্তমানলৈকে তেনে কোনো বিশেষ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। যাৰ বাবে কাঞ্চন নামৰ বিলাসী লজ খনৰ প্ৰতিও চৰম ভাবুকি অহা পৰিলক্ষিত হৈছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande