
ধেমাজি, ২৭ মে’ (হি.স.): ধেমাজি জিলাৰ জোনাইত যাত্ৰীবাহী বাহনক লক্ষ্য কৰি গজৰাজৰ তীক্ষ্ণ চোঁচা লোৱাৰ ঘটনা সংঘটিত হৈছে। জোনাইৰ প্ৰস্তাৱিত পবা বন্যপ্ৰাণী অভয়াৰণ্যৰ লেকু বীটখণ্ডস্থিত ৫১৫ নং ফ’ৰলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত এই ঘটনা সংঘটিত হৈছে।
বনাঞ্চলখনৰ মাজেদি নিৰ্মাণ কৰা ফ’ৰলেণ্ডযুক্ত ঘাইপথৰ মাজভাগত স্থাপন কৰা ষ্টিল বেৰিকেডৰ ফলত বন্যহস্তীসমূহৰ স্বাভাৱিক চলাচল ব্যাহত হৈছে। পথ পাৰাপাৰত অসুবিধাৰ সন্মুখীন হোৱাৰ ফলতেই খাদ্যৰ সন্ধানত বা চলাচলৰ সময়ত বন্যহস্তীয়ে পথত চলাচল কৰা একাংশ যান-বাহনক লক্ষ্য কৰি আক্ৰমণৰ অপচেষ্টা চলাইছে ।
উল্লেখ্য যে, বনাঞ্চল সংলগ্ন এই ঘাইপথত স্থাপন কৰা বেৰিকেডসমূহক লৈ পূৰ্বৰে পৰা বিভিন্ন দল-সংগঠন, স্থানীয় ৰাইজ আৰু একাংশ প্ৰকৃতিপ্ৰেমীয়ে বিৰোধিতা কৰি আহিছে। যদিও সংশ্লিষ্ট বিভাগে কিছু স্থানত বেৰিকেড আঁতৰাইছে, তথাপিও সেয়া পৰ্যাপ্ত নহয় বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।
মানুহ আৰু বন্যপ্ৰাণীৰ মাজত কোনো ধৰণৰ অনাকাঙ্ক্ষিত ঘটনা সংঘটিত হোৱাৰ পূৰ্বেই উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজৰ লগতে আৰু প্ৰকৃতি প্ৰেমীসকলেয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ