পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃত্যু, হত্যাৰ সন্দেহ পৰিয়ালৰ লোকৰ
তামুলপুৰ , ২৭ মে (হি.স.)। পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃত্যু। হত্যাৰ সন্দেহ পৰিয়ালৰ লোকৰ। ধমধমাৰ নিকটৱৰ্তী তামুলপুৰ জিলাৰ উত্তৰ বৰশিৰালত গাঁৱৰ প্ৰয়াত অনিৰাম কলিতাৰ পুত্ৰ কৈলাশ কলিতা নামৰ যুৱকজনে শনিবাৰে অন্ধ্ৰপ্ৰদেশলৈ কামৰ সন্ধানত বুলি ৰাওনা হৈছিল
পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃত্যু, হত্যাৰ সন্দেহ পৰিয়ালৰ লোকৰ


তামুলপুৰ , ২৭ মে (হি.স.)। পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃত্যু। হত্যাৰ সন্দেহ পৰিয়ালৰ লোকৰ। ধমধমাৰ নিকটৱৰ্তী তামুলপুৰ জিলাৰ উত্তৰ বৰশিৰালত গাঁৱৰ প্ৰয়াত অনিৰাম কলিতাৰ পুত্ৰ কৈলাশ কলিতা নামৰ যুৱকজনে শনিবাৰে অন্ধ্ৰপ্ৰদেশলৈ কামৰ সন্ধানত বুলি ৰাওনা হৈছিল।

শনিবাৰে বিয়লি তিনি বজাত গুৱাহাটীৰ পৰা উৰাজাহাজেৰে অন্ধ্ৰপ্ৰদেশলৈ যায়। অন্ধ্ৰপ্ৰদেশত উপস্থিত হৈ পৰিয়ালৰ সৈতে যোগাযোগ অব্যাহত ৰখাৰ লগতে ৱাটচপ যোগে ফটো প্ৰেৰণ কৰিছিল যদিও সোমবাৰৰ পৰা যুৱকজনৰ সৈতে পৰিয়ালৰ লোকে যোগাযোগ কৰিবলৈ সক্ষম হোৱা নাছিল।

মঙ্গলবাৰে নিশা পৰিয়ালক বৰমা থানাৰ পৰা কৈলাশ কলিতাৰ মৃত্যুৰ খবৰ দিয়ে। যুৱকজনৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে পৰিয়াল তথা চুবুৰীয়াৰ মাজত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয়।

ইফালে দৰিদ্ৰ পৰিয়ালটোৱে যুৱকজনৰ মৃতদেহ অনাৰ ক্ষেত্ৰত তামুলপুৰৰ বিধায়ক বিশ্বজিৎ দৈমাৰী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সহায় বিচাৰিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande