ডবকাৰ যুৱকৰ ভয়ংকৰ কাণ্ড! মুম্বাইত এগৰাকী মহিলাক নিৰ্মমভাৱে হত্যা!
হোজাই, ২৭ মে (হি.স.)। ডবকাৰ যুৱকৰ ভয়ংকৰ কাণ্ড! মুম্বাইত এগৰাকী মহিলাক নিৰ্মমভাৱে হত্যা! চোকা অস্ত্ৰৰে হত্যা কৰি ঘৰত তলা লগাই পলায়ন হত্যাকাৰীৰ। হত্যাকাৰীক বিচাৰি হোজাইত বাহৰ পাতিছে মুম্বাই আৰক্ষীয়ে। মায়ানগৰী মুম্বাইত পুনৰ এক চাঞ্চল্যকৰ হত্যাকাণ্ড
ডবকাৰ যুৱকৰ ভয়ংকৰ কাণ্ড! মুম্বাইত এগৰাকী মহিলাক নিৰ্মমভাৱে হত্যা!


হোজাই, ২৭ মে (হি.স.)। ডবকাৰ যুৱকৰ ভয়ংকৰ কাণ্ড! মুম্বাইত এগৰাকী মহিলাক নিৰ্মমভাৱে হত্যা! চোকা অস্ত্ৰৰে হত্যা কৰি ঘৰত তলা লগাই পলায়ন হত্যাকাৰীৰ। হত্যাকাৰীক বিচাৰি হোজাইত বাহৰ পাতিছে মুম্বাই আৰক্ষীয়ে। মায়ানগৰী মুম্বাইত পুনৰ এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে। এইবাৰ মুম্বাইৰ মালৱানীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড।

নিজ গৃহৰ ভিতৰত এগৰাকী মহিলাক হত্যা কৰি মৃতদেহ লুকুৱাই ৰখা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত।

মৃত মহিলা ছেলিমা খাতুন ওৰফে পিংকি বুলি চিনাক্ত কৰা হৈছে। পশ্চিমবঙ্গৰ বাসিন্দা ছেলিমা খাতুনে মুম্বাইৰ এটি বিউটি পাৰ্লাৰত কৰ্মৰত আছিল।

উল্লেখ্য যে দুবছৰৰ পূৰ্বে অসমৰ হোজাই জিলাৰ ডবকাৰ চামচুদ্দিনৰ সৈতে প্ৰথমে চিনাকি তাৰ পাছত বিবাহপাসত আবদ্ধ হৈছিল ছেলিমা। মালৱানী অঞ্চলত ভাড়াঘৰত একেলগে থাকিছিল চামচুদ্দিন আৰু ছেলিমা।

সন্দেহ অনুসৰি, যোৱা সপ্তাহৰ ১৯ তাৰিখে ভাড়াঘৰৰ ভিতৰত ছেলিমাক হত্যা কৰে ডবকাৰ পুৱ উদমাৰী গাঁৱৰ চামচুদ্দিনে। হত্যাৰ পিছত ঘৰৰ দুৱাৰ বাহিৰৰ পৰা তলা মাৰি পলায়ন কৰে চামচুদ্দিনে।

দীৰ্ঘ সময় ধৰি ঘৰৰ দুৱাৰ বন্ধ দেখি সন্দেহ প্ৰকাশ কৰে স্থানীয় বাসিন্দাসকলে।

পিছত আৰক্ষীক খবৰ দিয়াত মালৱানী আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰি উদ্ধাৰ কৰে মহিলাগৰাকীৰ মৃতদেহ।

মৰণোত্তৰ পৰীক্ষাৰ পিছত ফৰেনচিক বিশেষজ্ঞসকলে জনায় যে, চোকা অস্ত্ৰৰে হত্যা কৰা হৈছিল ছেলিমাক

ঘটনাৰ পিছৰে পৰা পলাতক স্বামী চামচুদ্দিনক বিচাৰি তীব্ৰ অভিযান আৰম্ভ কৰিছে মুম্বাই আৰক্ষীয়ে

মালৱানী আৰক্ষী থানাত হত্যাৰ গোচৰ ৰুজু কৰাৰ লগতে হত্যাকাৰীক গ্ৰেপ্তাৰৰ বাবে একাধিক আৰক্ষীৰ দল উপস্থিত হৈছে হোজাই জিলাত।

হোজাইৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত বিভিন্ন স্থানত চলাইছে তালাচী চলাইছে মুম্বাই আৰক্ষীয়ে । মুম্বাই আৰক্ষী অহাৰ উমান পাই নিজ গৃহৰ পৰা পলাতক হৈ আছে চামচুদ্দিন।

মুম্বাই আৰক্ষীয়ে চামচুদ্দিনৰ কেইবাজন আত্মীয়ক আটক কৰি সোধা পোচা অব্যাহত ৰাখিছে।

জানিব পৰা হত্যাকাৰী চামচুদ্দিনে চেলিমাক হত্যা কৰি থৈ অহাৰ কথা পৰিয়ালৰ আগত স্বীকাৰো কৰিছে

ইপিনে চামচুদ্দিনৰ প্ৰথমা পত্নীয় কেমেৰাৰ সন্মুখত বিস্ফোৰক স্বীকাৰোক্তি প্ৰদান কৰিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande