
শিৱসাগৰ, ২৭ মে (হি.স.)। নৱগঠিত শিৱসাগৰ বিধান সভা সমষ্টিত অন্তৰ্ভুক্ত হোৱা দিকছু পঞ্চায়তৰ অন্তৰ্গত মাহমৰা খনিকৰ গাঁৱত বাঁহৰ দলঙেৰে চলিছে যাতায়াত। জীয়াতু ভোগিছে স্থানীয় ৰাইজে।পঞ্চায়তীৰাজ ব্যৱস্থাই ঢুকি পোৱা নাই মাহমৰা।
বাৰিষাৰ ভৰপানীত নামতি নৈৰ ওপৰত থকা দলংখন ডুব যোৱাৰ লগে লগে যাতায়াত দুৰ্ভোগ ভুগিব ৰাইজে।স্থানীয় ৰাইজে শিৱসাগৰ বিধান সভা সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক অখিল গগৈক এই সমস্যা সমাধানৰ বাবে ৰাইজে আবেদন নিবেদন জনাই আহিছে যদিও আজি পৰ্যন্ত আশ্বাসৰ মাজতেই সীমাৱদ্ধ হৈ আহিছে।বিগত সময়ত এই বাঁহৰ দলংৰ পৰা পৰি এজন লোকৰ মৃত্যুয়ো হৈছিল।তথাপি এখন স্থায়ী দলং নিৰ্মাণ নহল আজিলৈকে।স্থানীয় ৰাইজে এই সন্দৰ্ভত বিধায়ক অখিল গগৈৰ পৰা সহযোগিতা কামনা কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ