
বৰপেটা, ২৭ মে’ (হি.স.): বজালীৰ জিলা প্ৰাথমিক শিক্ষা বিভাগৰ তৰফৰ পৰা গ্ৰহণ কৰা হৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত । বজালী জিলা প্ৰাথমিক শিক্ষা বিভাগে প্ৰাদেশিকৃত বিদ্যালয়সমূহৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ বাবে জাৰি কৰিছে বিশেষ জাননী । নতুন নিৰ্দেশনা অনুসৰি এতিয়াৰে পৰা শিক্ষক সকলে শ্ৰেণীকোঠাৰ ভিতৰত মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰিব ।
শিক্ষাৰ্থীৰ পাঠদান ব্যাহত হোৱা আৰু বিদ্যালয়ৰ শৈক্ষিক পৰিবেশ অক্ষুণ্ণ ৰাখিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি বিভাগীয় সূত্ৰে জানিবলৈ দিয়ে । লগতে জাননীত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে, শ্ৰেণীকোঠাৰ ভিতৰত মোবাইল ফোন ব্যৱহাৰ কৰা ধৰা পৰিলে সংশ্লিষ্ট শিক্ষক-শিক্ষয়িত্ৰীৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব । বজালী জিলা প্ৰাথমিক শিক্ষা বিভাগৰ এই সিদ্ধান্তক বহু অভিভাৱক আৰু সচেতন মহলে আদৰণি জনোৱা দেখা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ