
শিৱসাগৰ, ২৭ মে (হি.স.)। শিৱসাগৰ সমষ্টিৰ পৰা আয়ুক্ত কাৰ্যালয় আৰু প্ৰস্তাৱিত বিজ্ঞান যাদুঘৰ স্থানান্তকৰন কৰাক লৈ জাঙুৰ খাই উঠিছে শিৱসাগৰৰ জাতীয় জনগোষ্ঠীয় সংগঠন।
সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থা,অসম ছাত্ৰ যুৱ সন্মিলন,সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থা আৰু চিলাৰায় সেনাৰ স্মাৰক পত্ৰ প্ৰদান শিৱসাগৰ আয়ুক্তক।
৫ দিনৰ সময়সীমা বান্ধি দিলে শিৱসাগৰ জিলা প্ৰশাসনক, ৫ দিনত স্থিতি স্পষ্ট কৰিবলৈ দাবী ৪ সংগঠনৰ,
শিৱসাগৰ কাৰো পৈত্তিক সম্পত্তি নহয়,শিৱসাগৰৰ গুৰুত্বপূৰ্ণ উপাদান সমূহ কত থাকিব নাথাকিব শিৱসাগৰবাসী ৰাইজক নোসোধাকৈ স্থানান্তকৰন কৰিব নোঁৱাৰিব। অনুসূচীত জাতি ছাত্ৰ সন্থা।
ৰাজনৈতি চক্ৰান্ত কৰি আয়ুক্ত কাৰ্যালয় তথা প্ৰস্তাৱিত যাদুঘৰ অন্য স্থানলৈ লৈ যাব খোজাৰ অভিযোগ কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ। কু চক্ৰান্ত কৰা সকলক কঠোৰ সকিয়নি কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ।
আনহাতে অসম ছাত্ৰ যুৱ সন্মিলন আৰু চিলাৰয় সেনাৰ বিষয় ববীয়াও সমালোচনা।
পূৰ্বতেও গুৰুত্বপূৰ্ণ চিকিৎসালয় ডিমৌ লৈ যোৱা হ'ল এই বাৰ ৰাজনৈতিক অভিসন্ধি সফল হবলৈ দিয়া নহব বুলি মন্তব্য চিলাৰায় সেনাৰ।
অতি ৰাজনৈতিক আক্ৰোশ আৰু ৰাজনৈতিক চক্ৰান্তই আয়ুক্ত কাৰ্যালয় আৰু প্ৰস্তাৱিত বিজ্ঞান যাদুঘৰটো অন্য ঠাইলৈ নিব খোজা হৈছে,সকলো ফালৰ পৰা যাতায়ত সুবিধা থকা কাৰ্যালয়টো ভিতৰুৱা ঠাইলৈ নিব খোজা হৈছে। অন্য ঠাইলৈ কাৰ্যালয়টো নিলে প্ৰশাসনিক বিষয়া সকলৰ অসুবিধা নহয় সৰ্বসাধাৰন মানুহৰ হে অসুবিধা হব বুলি ক্ষোভ উজাৰে অসম ছাত্ৰ যুৱ সন্মিলনে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা