ইতিহাসৰ পাতত ২৮ মে' : ২০০৮ চনত নেপালৰ ৰাজতন্ত্ৰৰ অন্ত
বিশ্ব ইতিহাসত ২৮ মে’ৰ তাৰিখটোৱে বিশেষ তাৎপৰ্য্য লাভ কৰিছে, কিয়নো ইয়াৰ জৰিয়তে নেপালৰ ২৪০ বছৰীয়া ৰাজতন্ত্ৰৰ অন্ত পৰিছিল আৰু আনুষ্ঠানিকভাৱে গণৰাজ্য ঘোষণা কৰা হৈছিল। প্ৰায় এক দশক ধৰি চলি থকা এক নিৰ্মম গৃহযুদ্ধৰ পিছত নেপালৰ ৰাজনৈতিক পৰিৱৰ্তন ত্বৰা
bb80bbca955607e0cb0bc8d09fc311c9_1296417094.jpg


বিশ্ব ইতিহাসত ২৮ মে’ৰ তাৰিখটোৱে বিশেষ তাৎপৰ্য্য লাভ কৰিছে, কিয়নো ইয়াৰ জৰিয়তে নেপালৰ ২৪০ বছৰীয়া ৰাজতন্ত্ৰৰ অন্ত পৰিছিল আৰু আনুষ্ঠানিকভাৱে গণৰাজ্য ঘোষণা কৰা হৈছিল।

প্ৰায় এক দশক ধৰি চলি থকা এক নিৰ্মম গৃহযুদ্ধৰ পিছত নেপালৰ ৰাজনৈতিক পৰিৱৰ্তন ত্বৰান্বিত হয়, যাৰ ফলত শ্বাহ বংশৰ ক্ষমতা হেৰুৱাবলগীয়া হয়। এই ঐতিহাসিক পৰিৱৰ্তনৰ পিছতে মাওবাদী আন্দোলন মূলসুঁতিৰ ৰাজনীতিৰ অংগ হৈ পৰিল।

২০০৮ চনৰ ২৮ মে’ত নেপালৰ সংবিধানসভাত ভোটদানৰ পিছত দেশখনক গণৰাজ্য ঘোষণা কৰা হয়। ইয়াৰ লগে লগে তেতিয়াৰ ৰজা জ্ঞানেন্দ্ৰ শ্বাহক ক্ষমতাৰ পৰা আঁতৰাই দিয়া হ’ল, আৰু নেপালে নতুন গণতান্ত্ৰিক যুগত প্ৰৱেশ কৰিলে।

এই পৰিৱৰ্তনৰ পিছত নেপালত বাওঁপন্থী দলৰ ভূমিকাও যথেষ্ট বৃদ্ধি পালে, আৰু দেশৰ ৰাজনৈতিক ব্যৱস্থাৰ সম্পূৰ্ণ নতুন গাঁথনি গঢ় লৈ উঠিল। এই দিনটো নেপালৰ আধুনিক ইতিহাসৰ এক টাৰ্নিং পইণ্ট হিচাপে স্মৰণ কৰা হয়।

গুৰুত্বপূৰ্ণ পৰিঘটনা

১৪১৪ – আজিৰ দিনটোতে খিজৰ খানে দিল্লী চুলতানত্ব জয় কৰি ছায়ীদ বংশৰ শাসনৰ ভেটি স্থাপন কৰে।

১৮৮৩ – হিন্দুত্ববাদী নেতা তথা কবি বিনায়ক দামোদৰ সাৱৰকাৰৰ জন্ম হয়।

১৯০৮ – জেমছ বণ্ডৰ চোৰাংচোৱা উপন্যাসৰ লেখক ইয়ান ফ্লেমিংৰ জন্ম হয়।

১৯২৩ – দক্ষিণ ভাৰতৰ অন্যতম জনপ্ৰিয় নাম নন্দমুৰি তাৰকা ৰামা ৰাওৰ জন্ম হয়। চলচ্চিত্ৰত অপৰিসীম সফলতা অৰ্জন কৰাৰ পিছত এনটিআৰে ৰাজনীতিত প্ৰৱেশ কৰি তিনিবাৰ অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে।

১৯৩৪ – কানাডাৰ অন্টাৰিঅ’ত অলিভা আৰু এলজিৰ ডিয়নৰ ঘৰত পাঁচটা সন্তান জন্ম হয়। ইতিহাসত প্ৰথমবাৰৰ বাবে একে সময়তে জন্ম হোৱা পাঁচোটা সন্তানেই বাচি থাকিল।

১৯৫৯ – দুই আমেৰিকান বান্দৰে মহাকাশলৈ সফলতাৰে যাত্ৰা কৰে।

১৯৬১ – লণ্ডনত মানৱ অধিকাৰ সুৰক্ষা আৰু ইয়াৰ বিষয়ে সজাগতা বৃদ্ধিৰ লক্ষ্যৰে এম্নেষ্টী ইণ্টাৰনেশ্যনেল প্ৰতিষ্ঠা কৰা হয়। ১৯৭৭ চনত ইয়াক শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হয়।

১৯৬৭ – ব্ৰিটিছ নাৱিক ছাৰ ফ্ৰান্সিছ চিচেষ্টাৰে অকলে বিশ্ব প্ৰদক্ষিণ কৰি ৬৫ বছৰ বয়সত ঘৰলৈ উভতি আহে।

১৯৭০ – সৰ্বভাৰতীয় ট্ৰেড ইউনিয়ন কংগ্ৰেছ আনুষ্ঠানিকভাৱে বিভাজন হয়।

১৯৮৯ - মাৰ্থাকাৱলী ডেভিদ ভাৰতৰ প্ৰথম আৰু বিশ্বৰ দ্বিতীয় মহিলা খ্ৰীষ্টান পাষ্টৰ হয়।

১৯৯৬ – প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে পদত্যাগ কৰে।

১৯৯৬ – ৰাছিয়াই চেচেনিয়াক সৰ্বোচ্চ স্বায়ত্তশাসন প্ৰদান কৰিবলৈ সন্মত হয়।

১৯৯৮ – পাকিস্তানে বেলুচিস্তানৰ চাগাই পাহাৰত পাঁচটা পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰে। পাৰমাণৱিক পৰীক্ষাৰ প্ৰতিবাদত আমেৰিকাই পাকিস্তানৰ বিৰুদ্ধে অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰিছিল।

১৯৯৯ – বেঞ্জামিন নেতানিয়াহুৱে সংসদৰ পৰা পদত্যাগ কৰে আৰু তুৰস্কত নতুন মিত্ৰজোঁট চৰকাৰ গঠন হয়।

২০০০ – ভাৰতৰ ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণনে চীনৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰিবলৈ ছদিনীয়া ৰাজ্যিক ভ্ৰমণত বেইজিংত উপস্থিত হয়।

২০০২ – নেপালে পুনৰ জৰুৰীকালীন অৱস্থা ঘোষণা কৰে।

২০০৮ চনত ৰাষ্ট্ৰপতি প্ৰতিভা পাটিলে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ পাঁচজন ন্যায়াধীশক স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি দিয়ে। ২০০৮ চনত জেট এয়াৰৱেজে ‘মধ্য এছিয়াৰ শ্ৰেষ্ঠ কাৰ্গো বিমান সংস্থা’ বঁটা লাভ কৰে।

২০০৮ – নেপালৰ ২৪০ বছৰীয়া ৰাজতন্ত্ৰৰ অন্ত পৰে।

২০০৮ – আমেৰিকাই পাকিস্তান সমৰ্থক সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-টাইবাৰ চাৰিজন নেতাৰ ওপৰত আৰ্থিক নিষেধাজ্ঞা আৰোপ কৰে।

জন্ম

১৮৮৩ – আজিৰ দিনটোতে বীৰ সাৱৰকাৰ - ভাষাবিদ, যুক্তিবাদী, কবি, অসাধাৰণ বিপ্লৱী, দাৰ্শনিক, আৰু বাকপটু বক্তা।

১৯০৮ – ইয়ান ফ্লেমিং - জেমছ বণ্ডৰ চোৰাংচোৱা উপন্যাসৰ লেখক।

১৯১৫ – গোপাল ৰামানুজম - ভাৰতীয় ৰাজনীতিবিদ, সমাজকৰ্মী, আৰু ভাৰতীয় ৰাষ্ট্ৰীয় ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ সহ-প্ৰতিষ্ঠাপক।

১৯২১ - ডি ভি পালুস্কাৰ - প্ৰখ্যাত শাস্ত্ৰীয় গায়ক।

১৯২১ - মহন্ত অৱৈদ্যনাথ - ভাৰতীয় ৰাজনীতিবিদ আৰু গোৰখনাথ মঠৰ প্ৰাক্তন মুৰব্বী।

১৯২৩ - এন টি ৰামা ৰাও - বিখ্যাত অভিনেতা আৰু তেলেগু দেশম পাৰ্টিৰ প্ৰতিষ্ঠাপক।

১৯৪০ - প্ৰয়াগ শুক্লা - হিন্দী কবি, শিল্প সমালোচক, অনুবাদক, আৰু গল্পকাৰ।

১৯৫২ - পিনাকী চন্দ্ৰ ঘোষ - ভাৰতৰ প্ৰথম লোকপাল।

১৯৬৯ - প্ৰতিমা ভৌমিক - ভাৰতীয় জনতা পাৰ্টিৰ ৰাজনীতিবিদ।

মৃত্যু

২০০৫ - গোপাল প্ৰসাদ ব্যাস - ভাৰতৰ অন্যতম প্ৰখ্যাত কবি, সাহিত্যিক, আৰু সাহিত্যিক।

১৯৬৪ - মেহবুব খান - ভাৰতীয় চিনেমা ইতিহাসৰ আগশাৰীৰ প্ৰযোজক-পৰিচালক।

১৯৫৪ – বিজয় সিং পাথিক - বিখ্যাত স্বাধীনতা সংগ্ৰামী।

গুৰুত্বপূৰ্ণ অনুষ্ঠান

- এমেনেষ্টী আন্তৰ্জাতিক দিৱস ।

--------------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande