কেগৰ প্ৰতিবেদনে অসমৰ অৰ্থনীতিৰ বিকাশৰ ছবি প্রতিফলিত কৰিছে: ড০ দেৱজিৎ মহন্ত
গুৱাহাটী, ২৭ মে’ (হি.স.)। যষ্ঠদশ বিধানসভাৰ চলিত অধিবেশনত বিধানসভাৰ মজিয়াত দাখিল কৰা ভাৰতৰ নিয়ন্ত্ৰক আৰু মহাহিচাপ পৰীক্ষক (কেগ) ৰ ২৪-২৫ বিত্তীয় বৰ্ষৰ ৰাজ্যিক বিত্তীয় প্রতিবেদনত অসমৰ অৰ্থনীতিৰ বিকাশৰ ছবি প্রতিফলিত হৈছে। এখন ৰাজ্যৰ উন্নয়নৰ প্রতিচ্ছবি
কেগৰ প্ৰতিবেদনে অসমৰ অৰ্থনীতিৰ বিকাশৰ ছবি প্রতিফলিত কৰিছে: ড০ দেৱজিৎ মহন্ত


গুৱাহাটী, ২৭ মে’ (হি.স.)। যষ্ঠদশ বিধানসভাৰ চলিত অধিবেশনত বিধানসভাৰ মজিয়াত দাখিল কৰা ভাৰতৰ নিয়ন্ত্ৰক আৰু মহাহিচাপ পৰীক্ষক (কেগ) ৰ ২৪-২৫ বিত্তীয় বৰ্ষৰ ৰাজ্যিক বিত্তীয় প্রতিবেদনত অসমৰ অৰ্থনীতিৰ বিকাশৰ ছবি প্রতিফলিত হৈছে। এখন ৰাজ্যৰ উন্নয়নৰ প্রতিচ্ছবি প্রতিফলিত হয় ৰাজ্যখনৰ সামগ্ৰী আৰু সেৱাৰ সৰ্বমুঠ মূল্যত চমুকৈ জিডিপিত। অসমৰ প্ৰেক্ষাপটত জিডিপি আৰু জিএছডিপি দুয়োটা ক্ষেত্রতে সামগ্রিক উন্নয়নৰ প্ৰতিচ্ছবি প্রতিফলিত হৈছে।

কংগ্ৰেছৰ সময়ত ২০১৫-১৬ বিত্তীয় বর্ষত চলিত মূল্যত অসমৰ জিডিপি আছিল ২,২৭,৯৫৮ কোটি টকা। কেগৰ প্ৰতিবেদন মতে ২০২৪-২৫ বর্ষত জিডিপি পৰিমাণ বৃদ্ধি হৈ হৈছে ৬,৪৩,৬৬৭ কোটি টকা। বিত্তীয় বর্ষ ২০২০-২১ ৰ তুলনাত ২০২৪-২৫ বর্ষত অসমৰ জিডিপিৰ গড়ে বছৰি ১৮ শতাংশ উচ্চ হাৰত বৃদ্ধি পাইছে। জিডিপিত জিএছডিপিৰ অৱদানো কংগ্ৰেছ নেতৃত্বাধীন সময়তকৈ বৃদ্ধি প্রতিফলিত হৈছে কেগৰ প্ৰতিবেদনত। ২০১৫-১৬ ত অসমৰ শ্বেয়াৰ জিডিপিত ১.৬ শতাংশৰ পৰা ২৪-২৫ বৰ্ষত ১.৯৫ শতাংশলৈকে বৃদ্ধি হৈছে। কেগৰ প্ৰতিবেদন মতে অসমৰ জিএছডিপিলৈ সর্বাধিক অনুদান আগবঢ়োৱা খণ্ডটো হৈছে তৃতীয় খণ্ড যাৰ অনুদান ৩৮ শতাংশ। তৃতীয় খণ্ডত অন্তর্ভুক্ত হৈ আছে। বাণিজ্য, বিত্তীয় সেৱা, ৰাজহুৱা প্রশাসন, পৰিৱহণ, ভূ-সম্পত্তি আৰু অন্যান্য খণ্ড। বিপৰীতে ৩৩ শতাংশ আৰু ২০ শতাংশৰে দ্বিতীয় আৰু তৃতীয় খণ্ডটো হৈছে ক্রমে প্রাথমিক আৰু মাধ্যমিক খণ্ড। প্রাথমিক খণ্ডত অন্তর্ভুক্ত হৈ আছে কৃষি আৰু খননৰ বিপৰীতে মাধ্যমিক খণ্ডত উৎপাদন, নির্মাণ আৰু বিদ্যুৎ খণ্ড।

অসম প্ৰদেশ বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা প্ৰকাশিত এক প্ৰেছ বিজ্ঞপ্তি যোগে প্রদেশ বিজেপিৰ মুখপাত্র ড০ দেৱজিৎ মহন্তই কয় যে অসমৰ স্বপ্নদ্রষ্টা আৰু ভৱিষ্যদর্শী মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমে আজি ভাৰতৰ অৰ্থনীতিত অৰিহণা যোগাবলৈ সক্ষম হৈছে। ভাৰতৰ ৩৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত ২০১৫-১৬ বৰ্ষত অসমৰ স্থান আছিল ২৮ নম্বৰ বিপৰীতে এনডিএ নেতৃত্বাধীন প্রথম আৰু দ্বিতীয়টো কার্যকালত উন্নয়ন, সুশাসন আৰু নিকা প্ৰশাসনৰ বাবে অসমে ১৭ নম্বৰ স্থানলৈ উত্তৰিত হৈছে। প্রতিশ্রুতি প্রদান আৰু প্ৰতিশ্ৰুতি পালনৰ জৰিয়তে ১.৫ লাখ যুৱক-যুৱতীক স্বচ্ছ, নিকা প্রশাসন আৰু স্বসংস্থাপনৰ জৰিয়তে অসমৰ কৰ্মসংস্থাপনৰ হাৰো ৰাষ্ট্ৰীয় সংস্থাপনৰ হাৰতকৈ উন্নত হোৱা বুলি কেগৰ প্ৰতিবেদনত প্রতিফলিত হৈছে।

২০২০-২১ বৰ্ষৰ অসমৰ নিৱনুৱাৰ হাৰ ৪.৯ শতাংশৰ বিপৰীতে ২৪-২৫ বর্ষত ৩.৯ শতাংশলৈ হ্রাস পাইছে যিটো সময়ত ৰাষ্ট্ৰীয় নিৱনুৱাৰ হাৰ হৈছে ৬.৫ শতাংশ। একেদৰে অসমৰ জনমুৰি আয়ৰ ইতিবাচক প্রতিচ্ছবি প্রতিফলিত হৈছে কেগৰ প্ৰতিবেদনত। স্বাধীনতাৰ ৭৬ বছৰৰ ইতিহাসত ২০১২-১৩ বৰ্ষত অসমৰ জনমুৰি আয় আছিল সর্বনিম্ন বছৰি ৪১,১৪২ টকা। আনকি কংগ্ৰেছৰ শেষৰতো কার্যকালত ১৫-১৬ বিত্তীয় বৰ্ষত জনমুৰি আয় আছিল ৫৪,০৫৬ টকা। কেগৰ প্ৰতিবেদন অনুসৰি জনমুৰি আয় ২০-২১ বৰ্ষৰ ৮৬,৯৪৭ টকা ২৪-২৫ বিত্তীয় বর্ষত ১,৫৯,১৮৫ টকালৈ বৃদ্ধি পাইছে। মুখপাত্র ড০ মহন্তই কয় যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ নেতৃত্বত অসমে সর্বশ্রেষ্ঠ ৫ খন ৰাজ্যৰ স্থানলৈ উত্তৰিত হ'ব।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande