
ওদালগুৰি, ২৭ মে (হি.স.)। বিগত ২০ বছৰে সম্পূৰ্ণ নহ'ল ওদালগুৰিৰ এখন দলং।ৰৌতা তামুলপুৰ সংযোগী গলন্দী নদীৰ ওপৰত আছে এই দলং খন।তিনিটা প্ৰতিষ্ঠানে নিৰ্মাণ কাৰ্য কৰিও সম্পূৰ্ণ কৰিব নোৱাৰিলে দলং খন।
দলং খন নিৰ্মাণ নোহোৱাত জিয়াটো ভূগিছে সাধাৰণ ৰাইজৰ লগতে বিদ্যালয় মহাবিদ্যালয় ছাত্ৰ ছাত্ৰী সকল।অতি ব্যস্ত পথটোৰ দলং খন নিৰ্মাণ সম্পূৰ্ণ নোহোৱাৰ বাবে দলঙলৰ তলেৰে অতি বিপদজনক ভাবে যাত্ৰা অব্যাহত ৰাখিছে ৰাইজে।খৰশ্ৰোতা গলন্দী নৈ পাৰ হৈ যিকোনো মুহূৰ্তত অঘটন সংঘটিত হ'ব পাৰে ছাত্ৰ ছাত্ৰী লগতে সাধাৰণ ৰাইজৰ।কাৰ গাফিলতিৰ বাবে নিৰ্মিয়মান অৱস্থাত আছে এই দলং খন প্ৰশ্ন ৰাইজৰ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ