
বৰপেটা, ২৭ মে (হি.স.)। বৰপেটাত সক্ৰিয় হৈ পৰা চাইবাৰ অপৰাধী আৰু প্ৰৱঞ্চকৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান |
পুনৰ বৰপেটা আৰক্ষীৰ জালত পৰিল এটা প্ৰৱঞ্চক |
ধৃত প্ৰৱঞ্চকটোৰ নাম মাজিদুল ইছলাম |
কয়াকুছিৰ খাবলাৰভিঠা গাঁওৰ পৰা বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰৱঞ্চকটোক ৷
প্ৰৱঞ্চকটোৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ৭৫ হাজাৰ টকাৰ লগতে চুৰি ডেৱিট কাৰ্ড ৷
ধৃত প্ৰৱঞ্চকটোৱে চকিৰভিঠা গাঁৱৰ তালেবৰ ৰহমান নামৰ এগৰাকী শিক্ষকৰ পৰা প্ৰৱঞ্চনাৰে ডেৱিট কাৰ্ড সলনি কৰি একাউণ্টৰ পৰা উলিয়াই নিছিল ৭৫ হাজাৰ টকা ৷
তালেবৰ ৰহমানে ষ্টেট বেংকৰ বৰপেটা চহৰৰ এটা এটিএমৰ পৰা টকা উলিয়াব আহোতে প্ৰৱঞ্চক মাজিদুল ইছলামে প্ৰৱঞ্চনাৰে এটিএম কাৰ্ডখন হৰলুকি কৰি শিক্ষকগৰাকীৰ বেংক একাউণ্টৰ পৰা ৭৫ হাজাৰ টকা উলিয়াই নিছিল ৷
ঘটনা সম্পৰ্কে তালেবৰ ৰহমানে বৰপেটা থানাত এজাহাৰ দাখিলৰ পিচতে আৰক্ষীয়ে তদন্ত চলাই প্ৰৱঞ্চক মাজিদুল ইছলামক গ্ৰেপ্তাৰ কৰে ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা