অসম বিধানসভাত গৃহীত সমৰূপ নাগৰিক সংহিতা বিধেয়ক
গুৱাহাটী, ২৭ মে’ (হি.স.)। ষষ্ঠদশ অসম বিধানসভাত আজি মঙলবাৰে গৃহীত হয় ‘সমৰূপ নাগৰিক সংহিতা, অসম, বিধেয়ক ২০২৬ ’ চমুকৈ ইউচিচি বিধেয়ক। এই বিধেয়কখনৰ উদ্দেশ্য হৈছে জাতি ধৰ্ম নিৰ্বিশেষে ৰাজ্যৰ সকলো নাগৰিকৰ বাবে একে ব্যক্তিগত আইন প্ৰণয়ণ কৰা, নাৰীৰ অধিকাৰ স
ইউচিচি বিধেযকক লৈ সদনত মুখ্য়মন্ত্ৰীৰ উত্তৰ


গুৱাহাটী, ২৭ মে’ (হি.স.)। ষষ্ঠদশ অসম বিধানসভাত আজি মঙলবাৰে গৃহীত হয় ‘সমৰূপ নাগৰিক সংহিতা, অসম, বিধেয়ক ২০২৬ ’ চমুকৈ ইউচিচি বিধেয়ক। এই বিধেয়কখনৰ উদ্দেশ্য হৈছে জাতি ধৰ্ম নিৰ্বিশেষে ৰাজ্যৰ সকলো নাগৰিকৰ বাবে একে ব্যক্তিগত আইন প্ৰণয়ণ কৰা, নাৰীৰ অধিকাৰ সুনিশ্চিত কৰি বহু বিবাহ ৰোধ, বিবাহ বিচ্ছেদ, বিবাহ পঞ্জীয়ন আদিৰে সামাজিক সুৰক্ষাৰ ব্যৱস্থা কৰি দেশৰ একতা আৰু অখণ্ডতা শক্তিশালী কৰা। অসম বিধানসভাত গৰিষ্ঠ সংখ্যক সদস্যৰ সমৰ্থনত সমৰূপ নাগৰিক সংহিতা বিধেয়কখন ধ্বনি ভোটত গৃহীত হয়। অৱশ্যে কংগ্ৰেছকে ধৰি বিৰোধী সদস্যসকলে বিধেয়কখনত উল্লেখ কৰা বিষয়সমূহ সম্পৰ্কে পূৰ্বৰে পৰাই আইন প্ৰচলন থকাৰ প্ৰসংগ উল্লেখ কৰি ইউচিচি বিধেয়কখনৰ কোনো প্ৰয়োজন নাই বুলি বক্তব্য ৰখাৰ লগতে সদনত হূলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। অসম বিধানসভাত এই বিধেয়কৰ জৰিয়তে অসম এতিয়া উত্তৰাখণ্ড আৰু গুজৰাটৰ পিছত ইউচিচি সন্দৰ্ভত পদক্ষেপ গ্ৰহণ কৰা দেশৰ ভিতৰত তৃতীয়খন বিজেপি শাসিত ৰাজ্য হিচাপে পৰিগণিত হৈছে।

উল্লেখ্য যে পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সদনত গৃহীত কৰে ইউচিচি বিধেয়ক। এই বিধেয়কখনৰ মূল উদ্দেশ্য হৈছে বহুবিবাহ নিষিদ্ধ কৰা, সম্পত্তিত কন্যাৰ সমান অধিকাৰ নিশ্চিত কৰা আৰু সহবাসী সম্পৰ্ক (লিভিং টুগেদাৰ)ৰ বাধ্যতামূলক পঞ্জীয়ন নিশ্চিত কৰা আদি। চৰকাৰৰ মতে এই বিধেয়ক খনে সমাজত লিংগ সমতা আৰু আইনী একতা আনিব। বিধেয়কখনৰ চৰ্চাৰ উত্তৰ দি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে এই বিধেয়কখনে নাৰী জাতিক সুৰক্ষাৰ কবচ দিছে। নাৰীসকলক প্ৰতাৰণা, জোৰজুলুম, প্ৰৱঞ্চনা আদিৰ পৰা ৰক্ষা কৰিব। বহু বিবাহ ৰোধ, মহিলাৰ সুৰক্ষা, বিবাহ পঞ্জয়ন আদিৰে সামাজিক সুৰক্ষাৰ ব্যৱস্থা কৰিছে। ‘সমৰূপ নাগৰিক সংহিতা, অসম, বিধেয়ক ২০২৬ ’ চমুকৈ ইউচিচিৰ চৰ্চাৰ উত্তৰ দি মুখ্যমন্ত্ৰীগৰাকীয়ে বিধেয়কখনক লৈ কংগ্ৰেছৰ বিধায়কসকলে কৰা মন্তব্যক লৈ দুখ প্ৰকাশ কৰে। তেওঁ কয় যে কংগ্ৰেছে ধৰ্মীয় দৃষ্টিৰেহে ইয়াৰ বিৰোধিতা কৰিছে। তেওঁলোকৰ প্ৰত্যেকটো বিৰোধিতা কোৰাণ আৰু শ্বৰিয়তৰ মতেহে যুক্তি দাঙি ধৰিছে। কংগ্ৰেছে সকলো জাতি জনগোষ্ঠী ভাষা নিৰ্বিশেষেক প্ৰতিনিধিত্ব নকৰে। কেৱল এটা সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰে। কংগ্ৰেছে হিন্দু লোকৰ, খৃষ্টান, জনজাতীয়, অনুসুচিত জাতিৰ দৃষ্টিকোণৰ পৰা এই বিৰোধিতা কৰা নাই কেৱল কোৰাণ আৰু শ্বৰিয়তৰ দৃষ্টিৰেহে যুক্তি আগবঢ়াইছে। মুখ্যমন্ত্ৰীয়ে কয় যে আমাৰ বক্তব্যই সৰ্বধৰ্মীয় সৰ্বজাতিয়ক প্ৰতিনিধিত্ব কৰিব লাগিব। এইখন ভাৰতত যদি আমি কোৰণক সন্মান কৰো আমি বাইবেল আৰু গীতাকো সন্মান কৰিব লাগিব। কংগ্ৰেছে ধৰ্মীয় নিৰপেক্ষতা হেৰুৱাইছে কিন্তু গণতন্ত্ৰক প্ৰতিনিধিত্ব, ধৰ্মনিৰপেক্ষতাত প্ৰতিনিধিত্ব কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা ব্যক্ত কৰে।

মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰতৰ জনতাই ইউ চি চিৰ বাবে ১৯২৫ চনৰ পৰায়ে কাম কৰি আহিছিল। বিজেপি আৰু জনসংঘৰ জন্মৰ পূৰ্বেই ভাৰতীয় জাতীয় কংগ্ৰেছৰ মঞ্চৰ পৰায়ে ইউ চি চি ৰ দাবী উঠিছিল। ১৯২৫ চনত জাতীয় কংগ্ৰেছৰ অধিৱেশনত ইউ চি চিৰ দাবী উত্থাপন হৈছিল। ১৯৩৭ চনতে নেহেৰু কমিটিৰ পৰামৰ্শ (ৰিকমণ্ডেশ্বন)ত ইউ চি চিৰ কথা কোৱা হৈছিল। ১৯৬১ চনত প্ৰটুগ্ৰীজ কমনি গোৱা দমন আৰু ডিউ ভাৰতত অন্তৰ্ভুক্ত হল। পৰ্টুগ্ৰীজ গোৱাত চিভিল কোড আছিল। ভাৰতৰ প্ৰথম সম নাগৰিক আইন গোৱাত আৰম্ভ হৈছিল আৰু কংগ্ৰেছৰ পৃষ্ঠপোষকতাত আৰম্ভ হৈছিল। আমি সকলোৱে জানো আমাৰ সংবিধান সভাত কমন চিভিল কোডৰ বিষয়ে বিতংভাৱে আলোচনা হৈছিল আম্বেদকাৰ, কে এম মুন্সি, আলাদি কৃষ্ণস্বামী আয়াৰ দৰে নেতাই সজোৰে যুক্তি দিছিল যে কোনো ধৰ্মপুথিৰ শাসন ইয়াত নচলিব ইয়াত সংবিধানৰ শাসন চলিব। আমাৰ জীৱন আৰু আমাৰ দায়িত্ব আৰু কৰ্তব্য আমাৰ সংবিধানে নিৰ্ণয় কৰিব।

মুখ্যমন্ত্ৰীয়ে কয় যে আজি আমাৰ অসমৰ বাবে বিৰল গৌৰৱৰ দিন, প্ৰথম উত্তৰাখণ্ড, দ্বিতীয় গুজৰাটৰ পিছত আজি অসমত এই ইউ চি চি ৰূপায়ণ কৰিবলৈ ওলাইছে। বহুতে প্ৰশ্ন কৰিছে আমাৰ জনজাতীয় লোকসকলক ইউ চি চিৰ অধীনত কিয় অনা হোৱা নাই। জনজাতীয় লোকসকলে এই দেশ আৰু এই মাটিত আদিম যুগৰে পৰা বসবাস কৰি আহিছে আৰু তেওঁলোকৰ নিজৰ এক বিশেষ নীতি নিয়ম (কাষ্টমাৰী প্ৰেকটিছ) আছে আৰু ইয়াৰ দ্বাৰা তেওঁলোকে ব্যক্তিগত জীৱন পৰিচালনা কৰে আৰু আমাৰ মাটি পানী হাবি সভ্যতাৰ আৰম্ভণিৰ পৰা তেখেতসকলে আমাৰ বাবে ৰক্ষা কৰি আহিছে। আমি সকলোৱে অসমৰ জনজাতীয় সমাজক ধন্যবাদ দিব লাগিব ইউ চি চি আনো বা নানো আমাৰ জনজাতীয় লোকসকলে বহুবিবাহক কেতিয়াও স্বীকৃতি নিদিয়ে, ছোৱালীক সমান অধিকাৰ দিয়ে, লিভিঙৰ দৰে ৰিলেশ্বনচিপ স্বীকৃতি নিদিয়ে। তেওঁলোকে নিজৰ মাজত চিভিল কোডৰ দৰে নীতি পূৰ্বৰে পৰা গ্ৰহণ কৰি আহিছে ।

সমৰূপ নাগৰিক সংহিতা অসম ২০২৬ য়ে বিবাহ আৰু বিবাহ বিচ্ছেদৰ দিশটোক নিয়ন্ত্ৰণ কৰিব, ইউ চি চিয়ে আমাৰ উত্তৰাধিকাৰী সূত্ৰে সম্পত্তি লাভ কৰাৰ ক্ষেত্ৰত যিটো আইনী পৰম্পৰাক স্থায়িত্ব প্ৰদান কৰিব, লিভিং ৰিলেশ্বনৰ দিশ সমাধান কৰাৰ চেষ্টা কৰিছে, বিবাহ বিবাহ বিচ্ছেদ, লিভিং ৰিলেশ্বনৰ গোটেই বিষয় আমি ইয়াত সন্নিবিষ্ট কৰা হৈছে। ইউ চি চিৰ ফাউণ্ডেশ্যনৰ আধাৰেই হৈছে আমাৰ সংবিধানৰ ৪৪ নং অনুচ্ছেদ। এই ৪৪ নং অনুচ্ছেদৰ আলম লৈয়ে ইউ চি চি আনিব বিচৰা হৈছে। এই বিধেয়কখনৰ জৰিয়তে আমাৰ ৰাজ্যখনত যাতে বাল্য বিবাহ চলিব নোৱাৰে আৰু আমি যাতে ইয়াক স্বীকৃতি নিদিয়ে। এই আইনৰ জৰিয়তে ধৰ্ম নিৰ্বিশেষে মাত্ৰ এগৰাকীক বিয়া কৰোৱাৰ অধিকাৰ পাব। এই বিধেয়কখনে আমাক অসভ্য যুগৰ পৰা সভ্যৰ যুগলৈ লৈ আহিছে। নাৰী জাতিক সুৰক্ষা দিব, সহবাসী সম্পৰ্ক (লিভিং টুগেদাৰ)ৰ ঘটনাক লৈ প্ৰৱঞ্চনাৰ পৰা ৰক্ষা কৰিব আৰু আমাৰ মাতৃ, ভগ্নী, কন্যাসকলক নতুন সুৰক্ষাৰ কবচ প্ৰদান কৰিব। মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰতীয় সংস্কৃতিয়ে মূলত নাৰীৰ সন্মানৰ কথাই শিকাই আহিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande