নাৰী শক্তি বন্দন অধিনিয়মক লৈ কংগ্ৰেছৰ ৱাকআউটত পুনৰ স্পষ্ট হ'ল দলটোৰ নাৰী বিৰোধী মানসিকতা–বিজেপি
নাৰী নেতৃত্বাধীন উন্নয়নৰ প্ৰতি প্ৰতিশ্রুতিবদ্ধ বিজেপি গুৱাহাটী, ২৭ মে'' (হি.স.)। ভাৰতীয় জনতা পার্টি, অসম প্রদেশে ২৬ মে''ত অসম বিধানসভাত ঐতিহাসিক নাৰী শক্তি বন্দন অধিনিয়ম (মহিলা সংৰক্ষণ বিধেয়ক) সম্পৰ্কীয় আলোচনাৰ সময়ত কংগ্ৰেছ দলে গ্ৰহণ কৰা আচৰণক
নাৰী শক্তি বন্দন অধিনিয়মক লৈ কংগ্ৰেছৰ ৱাকআউটত পুনৰ স্পষ্ট হ'ল দলটোৰ নাৰী বিৰোধী মানসিকতা–বিজেপি


নাৰী নেতৃত্বাধীন উন্নয়নৰ প্ৰতি প্ৰতিশ্রুতিবদ্ধ বিজেপি

গুৱাহাটী, ২৭ মে' (হি.স.)। ভাৰতীয় জনতা পার্টি, অসম প্রদেশে ২৬ মে'ত অসম বিধানসভাত ঐতিহাসিক নাৰী শক্তি বন্দন অধিনিয়ম (মহিলা সংৰক্ষণ বিধেয়ক) সম্পৰ্কীয় আলোচনাৰ সময়ত কংগ্ৰেছ দলে গ্ৰহণ কৰা আচৰণক তীব্ৰ গৰিহণা জনাইছে।

বিজেপিৰ ৰাজ্যিক কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত এক সংবাদমেল সম্বোধন কৰি দলৰ উপ-সভানেত্ৰী ৰত্না সিঙে কয় যে যি সময়ত সমগ্র দেশ মহিলাসকলৰ ক্ষমতায়ন আৰু ৰাজনৈতিক অংশগ্রহণ বৃদ্ধিৰ দিশত এক ঐতিহাসিক পদক্ষেপৰ সাক্ষী হৈ আছিল, সেই সময়তে কংগ্রেছে গঠনমূলক আলোচনাত অংশগ্রহণ কৰাৰ পৰিৱৰ্তে প্ৰতিবাদ সাব্যস্ত কৰি সভাকক্ষ ত্যাগ কৰাৰ পথ বাছি লৈছিল। এই আচৰণে পুনৰ এবাৰ স্পষ্ট কৰিলে যে কংগ্ৰেছ দলৰ নাৰী বিৰোধী মানসিকতা এতিয়াও অটুট আছে।

দেশত নাৰী নেতৃত্বাধীন অগ্রগতিক আন্তৰিকভাৱে সমর্থন কৰাত কংগ্ৰেছ বাৰে বাৰে ব্যৰ্থ হৈছে।

দেশবাসীয়ে আজি প্রশ্ন কৰিব লাগিব-যদি কংগ্ৰেছে সঁচাকৈয়ে নাৰী ক্ষমতায়নৰ পক্ষত থাকে, তেন্তে মহিলাসকলৰ বাবে বিধানসভা আৰু সংসদত ৩৩ শতাংশ সংৰক্ষণ নিশ্চিত কৰাৰ দৰে এক গুৰুত্বপূৰ্ণ বিষয়ত আলোচনাত অংশগ্ৰহণ কৰিবলৈ কিয় অস্বীকাৰ কৰিলে? মহিলাৰ অধিকাৰক সঁচাকৈয়ে সমর্থন কৰা এটা দলে এনে এক ঐতিহাসিক সাংবিধানিক সংস্কাৰৰ ওপৰত আলোচনা, শক্তিশালীকৰণ আৰু সমর্থন আগবঢ়োৱাৰ সুযোগক আদৰণি জনালেহেঁতেন।

বাস্তৱতা হ'ল, কংগ্রেছে ঐতিহাসিকভাৱে নাৰী ক্ষমতায়নক কেৱল ৰাজনৈতিক শ্লোগান হিচাপেহে ব্যৱহাৰ কৰি আহিছে। ছোনিয়া গান্ধী, প্রিয়ংকা গান্ধীৰ দৰে নেত্রী থকাৰ পাছতো, আনকি ইন্দিৰা গান্ধীৰ সময়তো দেশজুৰি মহিলাসকলৰ ব্যাপক ৰাজনৈতিক অংশগ্রহণ আৰু প্রাতিষ্ঠানিক ক্ষমতায়নৰ ক্ষেত্রত কংগ্রেছে কোনো স্থায়ী আৰু দৃঢ় পদক্ষেপ গ্রহণ কৰা দেখা নগ'ল।

কংগ্ৰেছ শাসিত ৰাজ্যসমূহতো মহিলাসকলৰ অৱস্থা উদ্বেগজনক হৈ আছে। পূৰ্বতে ৰাজস্থানত কংগ্ৰেছ চৰকাৰৰ সময়ত হওক বা বর্তমান কর্ণাটকত হওক, মহিলাসকলে এতিয়াও নিৰাপত্তাহীনতা, চৰকাৰী সহায়ৰ অভাৱ আৰু কল্যাণমূলক আঁচনিৰ দুৰ্বল ৰূপায়ণৰ সন্মুখীন হৈ আছে। মহিলাৰ মৰ্যাদা, সুৰক্ষা আৰু আৰ্থিক ক্ষমতায়নক কেন্দ্ৰ কৰি শাসন ব্যৱস্থা গঢ়ি তুলিবলৈ কংগ্রেছ সদায় ব্যর্থ হৈছে।

ইয়াৰ সম্পূৰ্ণ বিপৰীতে, নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ভাৰতত নাৰী ক্ষমতায়নৰ ক্ষেত্ৰত এক অভূতপূর্ব পৰিৱৰ্তন দেখা গৈছে। বিজেপি চৰকাৰে দেশক কেৱল মহিলা উন্নয়নৰ ধাৰণাৰ পৰা নাৰী নেতৃত্বাধীন উন্নয়নৰ নতুন দিশলৈ আগুৱাই লৈ গৈছে। আজিৰ ভাৰতৰ বিকাশ যাত্রাত মহিলাসকলে সকলো ক্ষেত্রতে নেতৃত্ব দিছে। কেন্দ্রীয় মন্ত্রীসভাত একাধিক মহিলা কেবিনেট মন্ত্ৰীক স্থান দিয়াৰ জৰিয়তে মোদী চৰকাৰে শাসনৰ উচ্চতম স্তৰত মহিলাৰ যথেষ্ট প্রতিনিধিত্ব নিশ্চিত কৰিছে। বিজেপি নেতৃত্বাধীন চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন যুগান্তকাৰী আঁচনিৰ জৰিয়তে দেশৰ কোটি কোটি মহিলা উপকৃত হৈছে।

ইয়াৰ ভিতৰত আছে-বেটি বচাও, বেটি পড়াও, প্রধানমন্ত্রী উজ্জ্বলা যোজনা, মুদ্রা যোজনা, লাখপতি বাইদেউ অভিযান ইত্যাদি।

মহিলা সংৰক্ষণ বিধেয়কৰ ৰূপায়ণৰ ক্ষেত্ৰত কংগ্ৰেছে এতিয়া সীমা নির্ধাৰণ (Delimitation)-ৰ বিৰোধিতা কৰাটো অত্যন্ত দুর্ভাগ্যজনক। কংগ্ৰেছে মনত ৰখা উচিত যে সীমা নির্ধাৰণ কোনো ৰাজনৈতিক ষড়যন্ত্র নহয়; ই ভাৰতীয় সংবিধানৰ অধীনত নিৰ্ধাৰিত এক সাংবিধানিক প্রক্রিয়া। বিশেষ ঐতিহাসিক পৰিস্থিতিৰ বাবে পূর্বতে এই প্রক্রিয়া স্থগিত ৰখা হৈছিল যদিও বর্তমান জনসংখ্যাগত বাস্তৱতা যথেষ্ট পৰিৱৰ্তিত হৈছে।

আজিৰ ভাৰতত মহিলাসকলে জনসংখ্যাৰ প্রায় ৫০ শতাংশ গঠন কৰে। তেনে পৰিস্থিতিত, তেওঁলোকৰ জনসংখ্যা আৰু অংশগ্রহণ বৃদ্ধি পোৱাৰ লগে লগে সিদ্ধান্ত গ্রহণৰ ক্ষেত্ৰত ন্যায্য আৰু অনুপাতিক ৰাজনৈতিক প্রতিনিধিত্ব নিশ্চিত কৰাটো সাংবিধানিকভাবে প্রয়োজনীয় আৰু গণতান্ত্রিক দুয়োটাই।

বিজেপিৰ দঢ় বিশ্বাস যে মহিলাসকলে সিদ্ধান্ত গ্রহণকাৰী প্রতিষ্ঠানসমূহত ন্যায্য প্রতিনিধিত্ব লাভ কৰিলেহে প্রকৃত গণতন্ত্র সুদৃঢ় হ'ব। নাৰী শক্তি বন্দন অধিনিয়ম কেৱল এখন বিধেয়ক নহয়; ই অন্তর্ভুক্তিমূলক ৰাষ্ট্ৰ গঠন আৰু এক শক্তিশালী, ক্ষমতা সম্পন্ন আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ এক ঐতিহাসিক পদক্ষেপ।

ভাৰতীয় জনতা পার্টি, অসম প্রদেশে পুনৰ এবাৰ নাৰী ক্ষমতায়নৰ প্ৰতি নিজৰ অটল প্রতিশ্রুতি ব্যক্ত কৰি সকলো ৰাজনৈতিক দলক সংকীৰ্ণ ৰাজনৈতিক স্বাৰ্থৰ ঊর্দ্ধত উঠি গণতান্ত্রিক আৰু সাংবিধানিক দায়বদ্ধতাৰ মনোভাৱেৰে এই ঐতিহাসিক সংস্কাৰক সমর্থন জনাবলৈ আহ্বান জনাইছে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande