লাহৰীঘাটৰ ভূৰাগাঁৱত বৃহৎ পৰিমাণৰ গাঞ্জা সহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী
লাহৰীঘাটৰ ভূৰাগাঁৱত বৃহৎ পৰিমাণৰ গাঞ্জা সহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী।
লাহৰীঘাটৰ ভূৰাগাঁৱত বৃহৎ পৰিমাণৰ গাঞ্জা সহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী


মৰিগাঁও, ২৬ মে’ (হি.স.): মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ভূৰাগাঁৱত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰা হৈছে। লগতে গাঞ্জা সহ গ্ৰেপ্তাৰ হৈছে এগৰাকী মহিলা সৰবৰাহকাৰী ।

প্ৰাপ্ত তথ্য়মতে, যোৱা কালি সোমবাৰে সন্ধিয়া ভূৰাগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিশাল বনিকৰ নেতৃত্বত মৰিগাঁও আৰক্ষীৰ বিশেষ শাখাৰ ৫ জনীয়া দলে মাদক দ্ৰব্য় বিৰোধী অভিযান চলাইছিল। এই অভিযানত বৰামাৰী কছাৰী গাঁও খনৰ পৰা ৮৭কেজি গাঞ্জা জব্দ কৰে আৰু এটা মহিলা সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰে । ধৃত মহিলা গৰাকীৰ নাম মনিয়া চৌহান বুলি জানিব পৰা গৈছে । বৰ্তমান ধৃত সৰবৰাহকাৰীটো আৰক্ষীৰ জিম্মাত আছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande