
দৰং, ২৬ মে (হি.স.)। বাৰিষাৰ আৰম্ভণিৰ লগে লগে এতিয়া যমৰ যাতনা ভুগিব লগা হৈছে ছিপাঝাৰ সমষ্টিৰ বৃহত্তৰ সানোৱা অঞ্চলৰ ৰাইজে। প্ৰায় চাৰিখনকৈ গাঁৱৰ গুৰুত্বপূৰ্ণ পথছোৱা বছৰ বছৰ ধৰি মেৰামতি কৰা হোৱা নাই।
যাৰ ফলত এতিয়া পথচোৱাৰ ভিন্ন স্থানত সৃষ্টি হৈছে পুখুৰী সদৃশ গাতৰ। বিদ্যালয়ৰ শিক্ষাৰ্থী সকলৰ অহা যোৱাৰ লগতে কৃষিজাত সামগ্ৰী অনা নিয়াৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে এইসকল লোক।যাৰবাবে পথছোৱা মেৰামতি কৰি দিবলৈ স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশীক দাবী জনাইছে এইসকল ৰাইজে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা