নগাঁও বটদ্ৰৱা সংযোগী গড়কাপ্তানি পথত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এজন
নগাঁও বটদ্ৰৱা সংযোগী গড়কাপ্তানি পথত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এজন ।
নগাঁও বটদ্ৰৱা সংযোগী গড়কাপ্তানি পথত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এজন


নগাঁও, ২৬ মে’ (হি.স.): নগাঁও বটদ্ৰৱা সংযোগী গড়কাপ্তানি পথত যোৱা কালি সোমবাৰে বিয়লি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত নিহত হয় এজন লোক ।

নগাঁৱৰ পৰা বটদ্ৰৱা অভিমুখে অহা তীব্ৰবেগী ছুইফট ডিজায়াৰে (Swift Dzire) শান্তিজানত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা গৈ খালত সোমাই পৰে । দুৰ্ঘটনাত নিহত হয় ইমদাদুল ইছলাম নামৰ এজন যুৱক । ২৬ বছৰীয়া ইমদাদুল ইছলামৰ ঘৰ বটদ্ৰৱাৰ ভোমোৰাগুৰিত বুলি জানিব পৰা গৈছে । ইফালে গুৰুত্বৰভাবে আহত হোৱা ফৈইজুল ইছলাম (২১), নুৰ আলম (২৮), আছিফ আহমেদ (১৬) আৰু আনচাৰুল হুছেইন (১৮) বৰ্তমান নগাঁৱৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । পিছত বটদ্ৰৱা আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা এএছ ০২ এবি ৯৩৯৪ নম্বৰৰ গাড়ীখন উদ্ধাৰ কৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande