ভূটানৰ প্ৰধানমন্ত্ৰী দশো ছেৰিং টবগেৰ শক্তিপীঠ কামাখ্যা দৰ্শন, কামাখ্যা দেৱীৰ আশীৰ্বাদ গ্ৰহণ
গুৱাহাটী, ২৬ মে’ (হি.স.)। ভূটানৰ প্ৰধানমন্ত্ৰী দশো চেৰিং টবগেই মঙলবাৰে বিশ্ববিখ্যাত শক্তিপীঠ কামাখ্যা মন্দিৰ দৰ্শন কৰি কামাখ্যা দেৱীৰ ওচৰত পূজা-অৰ্চনা আগবঢ়ায় । দুদিনীয়া অসম ভ্ৰমণৰ বাবে গুৱাহাটীত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী টবগেই নীলাচল পাহাৰত অৱস্
शक्तिपीठ कामाख्या में भूटान के प्रधानमंत्री दाशो शेरिंग तोगबे ने किए दर्शन, मां कामाख्या का लिया आशीर्वाद


शक्तिपीठ कामाख्या में भूटान के प्रधानमंत्री दाशो शेरिंग तोगबे ने किए दर्शन, मां कामाख्या का लिया आशीर्वाद


शक्तिपीठ कामाख्या में भूटान के प्रधानमंत्री दाशो शेरिंग तोगबे ने किए दर्शन, मां कामाख्या का लिया आशीर्वाद


গুৱাহাটী, ২৬ মে’ (হি.স.)। ভূটানৰ প্ৰধানমন্ত্ৰী দশো চেৰিং টবগেই মঙলবাৰে বিশ্ববিখ্যাত শক্তিপীঠ কামাখ্যা মন্দিৰ দৰ্শন কৰি কামাখ্যা দেৱীৰ ওচৰত পূজা-অৰ্চনা আগবঢ়ায় । দুদিনীয়া অসম ভ্ৰমণৰ বাবে গুৱাহাটীত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী টবগেই নীলাচল পাহাৰত অৱস্থিত মন্দিৰ দৰ্শন কৰি দেৱীৰ চৰণত বিশেষ প্ৰাৰ্থনা কৰি ৰাজ্য তথা অঞ্চলটোৰ সুখ আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰে।

তেওঁৰ আগমনৰ বাবে মন্দিৰ পৰিসৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছিল। আৰক্ষী আৰু প্ৰশাসনৰ বিশেষ নিৰাপত্তাৰক্ষীৰ ঘেৰাওৰ মাজতে প্ৰধানমন্ত্ৰীয়ে মন্দিৰত উপস্থিত হৈ সম্পূৰ্ণ ৰীতি-নীতিৰে পূজা সম্পন্ন কৰে।

মন্দিৰত উপস্থিত হোৱাৰ লগে লগে অসম প্ৰশাসন, মন্দিৰ পৰিচালনা সমিতি, আৰু পুৰোহিতসকলে প্ৰধানমন্ত্ৰীক পৰম্পৰাগত আৰু উষ্ম আদৰণি জনায়। মন্দিৰ কমপ্লেক্সত ভূটান আৰু ভাৰতৰ সাংস্কৃতিক আৰু আধ্যাত্মিক সম্পৰ্কও প্ৰতিফলিত হৈছিল।

প্ৰধানমন্ত্ৰীয়ে মন্দিৰত পূজা কৰিছিল, সমগ্ৰ মন্দিৰ কমপ্লেক্সৰ প্ৰদক্ষিণ কৰিছিল, ইয়াৰ স্থাপত্য আৰু ধৰ্মীয় তাৎপৰ্যৰ বিষয়ে জানিব পাৰিছিল।

এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী দশো চেৰিং টগবেই যথেষ্ট উৎসাহী যেন দেখা গৈছিল। মন্দিৰ কমপ্লেক্স আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ মনোমোহা দৃশ্যও তেওঁ নিজৰ কেমেৰাৰ সহায়ত বন্দী কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে নিজেই কেমেৰা লৈ মন্দিৰৰ সৌন্দৰ্য্য আৰু আধ্যাত্মিক পৰিৱেশৰ ফটো তুলি দৰ্শকক মোহিত কৰে। তেওঁৰ মন্দিৰ ভ্ৰমণৰ সময়ত ভক্ত আৰু স্থানীয় লোকসকলো বিশেষভাৱে উৎসাহী হৈ পৰিছিল।

লক্ষণীয় যে ভূটানৰ প্ৰধানমন্ত্ৰী দুদিনীয়া ভ্ৰমণৰ বাবে অসমত আছে। সোমবাৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সাক্ষাৎ কৰে। এই ভ্ৰমণৰ সময়ত ভাৰত-ভূটান সম্পৰ্ক, আঞ্চলিক উন্নয়ন, পৰ্যটন, সাংস্কৃতিক বিনিময়, আৰু পাৰস্পৰিক সহযোগিতাৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয়। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে ভাৰত আৰু ভূটানৰ মাজত শক্তিশালী বন্ধুত্ব আৰু ধৰ্মীয়-সাংস্কৃতিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande