প্ৰকৃত জ্ঞানে মানৱ কল্যাণৰ বাট মুকলি কৰেঃ প্ৰধানমন্ত্ৰী মোডী
নতুন দিল্লী, ২৬ মে’ (হি.স.)। আজি পুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডেলত জ্ঞানকেন্দ্ৰিক হিতোপদেশ (ভিডিঅ’ বাৰ্তা) শ্বেয়াৰ কৰে। ইয়াৰ জৰিয়তে তেওঁ দেশ আৰু সমাজৰ আগত প্ৰকৃত জ্ঞানৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে। তেওঁ লিখিছে, প্
प्रधानमंत्री नरेन्द्र मोदी ने अपने एक्स हैंडल पर आज सुबह यह सुभाषितम् (वीडियो संदेश) साझा कर लोगों को सच्चे ज्ञान का महत्व समझाया।


নতুন দিল্লী, ২৬ মে’ (হি.স.)। আজি পুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডেলত জ্ঞানকেন্দ্ৰিক হিতোপদেশ (ভিডিঅ’ বাৰ্তা) শ্বেয়াৰ কৰে। ইয়াৰ জৰিয়তে তেওঁ দেশ আৰু সমাজৰ আগত প্ৰকৃত জ্ঞানৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে। তেওঁ লিখিছে, প্ৰকৃত জ্ঞানে দেশ, সমাজ আৰু সকলো মানৱতাৰ কল্যাণৰ পথ প্ৰশস্ত কৰে। গতিকে আমাৰ জ্ঞান আৰু আমাৰ কৰ্ম সকলো মানৱতাৰ বাবে প্ৰেৰণা হোৱাটো অতি প্ৰয়োজনীয়।

প্ৰধানমন্ত্ৰীৰ ইনষ্টাগ্ৰাম হেণ্ডেলত শ্বেয়াৰ কৰা হিতোপদেশত লিখা আছে- আত্ম শুদ্ধঃ সদা নিত্যহ সুখৰূপহ স্বয়ম্প্ৰভাহ। অজ্ঞানমলিনো ভাটি জ্ঞানচ্চুধো ভৱত্যয়ম। জ্ঞান আৰু কৰ্মই ইটোৱে সিটোৰ পৰিপূৰক বুলি উল্লেখ কৰি এই পদৰ সাৰমৰ্ম ব্যাখ্যা কৰি সকলো মানৱজাতিৰ কল্যাণৰ আহ্বান জনায়।

এই হিতোপদেশৰ অৰ্থ হৈছে আত্মা সহজাতভাৱে নিৰ্মল। ইয়াৰ সদায় অস্তিত্ব থাকে। ই আনন্দৰ মূৰ্তি। ই স্ব-আলোকিত। অজ্ঞানতাৰ বাবে ই অশুদ্ধ বা সীমিত যেন লাগে। জ্ঞান লাভ কৰাৰ লগে লগে ইয়াৰ বিশুদ্ধ ৰূপত পুনৰ আবিৰ্ভাৱ হয়। এই পদৰ প্ৰতিটো শব্দৰ গভীৰ অৰ্থ আছে। যেনে শুদ্ধ মানে ই সহজাতভাৱে বিশুদ্ধ আৰু পাপহীন। সদা নিত্য মানে ই চিৰন্তন। ই অজেয় তথা অমৰ।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande