
গুৱাহাটী, ২৬ মে’(হি.স.)। গুৱাহাটীৰ কামাখ্যা ৰে’লৱে ষ্টেচনৰ ডবা মেইণ্টেনেন্স য়াৰ্ডত মঙলবাৰে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ ফলত ব্যাপক আতংকৰ সৃষ্টি হয়। ৰে’ল বিভাগৰ বিদ্যুৎ পৰিবাহী তাঁৰত কাম কৰি থকা অৱস্থাত ২৫ হাজাৰ ভল্টৰ হাই ভল্টেজ বিদ্যুতৰ স্পৰ্শ হৈ দুজন শ্ৰমিক গুৰুতৰভাৱে আহত হয়। আহত শ্ৰমিক দুজনৰ নাম বিকাশ চৌহান আৰু আব্দুল মোল্লা বুলি জানিব পৰা গৈছে ।
প্ৰত্যক্ষদৰ্শীৰ মতে কামাখ্যা ৰেলৱে ষ্টেচনৰ বিদ্যুৎ পৰিবাহী ৰে’লৰ ডবাত কাম চলি আছিল। অতি সতৰ্কতাৰে কাম কৰি আছিল শ্ৰমিক দুজনে। হঠাৎ কোনোবাই পাৱাৰ চাপ্লাই অন কৰি ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰিলে। বিদ্যুৎ প্ৰবাহৰ ফলত দুয়োজন শ্ৰমিক গুৰুতৰভাৱে আহত হয়, আৰু সেই স্থানত বিশৃংখলতাই বিৰাজ কৰে।
দুৰ্ঘটনাটোৰ লগে লগে উদ্ধাৰ অভিযান আৰম্ভ হয়। আহত বিকাশ চৌহান আৰু আব্দুল মোল্লাক লগে লগে ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। চিকিৎসকৰ মতে, দুয়োৰে অৱস্থা সংকটজনক।
এই ঘটনাই ৰে’ল ষ্টেচন এলেকাত অতিশয় উদ্বেগ আৰু উত্তেজনাৰ পৰিৱেশৰ সৃষ্টি কৰিছে। কামৰ সময়ত বিদ্যুৎ সংযোগ কেনেদৰে অন কৰি ৰখা হৈছিল সেই লৈ বহু প্ৰশ্ন উত্থাপন হৈছে। প্ৰাথমিক হিচাপ অনুসৰি কৰ্তব্যত গাফিলতি বা সমন্বয়ৰ অভাৱত এই দুৰ্ঘটনা সংঘটিত হ’ব পাৰে। অৱশ্যে সমগ্ৰ বিষয়টোৰ তদন্ত সংশ্লিষ্ট কৰ্তৃপক্ষই আৰম্ভ কৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া