মোডী চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে দেশজোৰা জনসংযোগ অভিযান আৰম্ভ কৰিব বিজেপি
নতুন দিল্লী, ২৬ মে’(হি.স.)। কেন্দ্ৰত মোডী চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে ভাৰতীয় জনতা পাৰ্টিয়ে ৫ জুনৰ পৰা ২১ জুনলৈ সমগ্ৰ দেশতে এক বৃহৎ জনসংযোগ অভিযান আৰম্ভ কৰিব। এই মেগা অভিযানৰ অংশ হিচাপে ১২ বছৰৰ অতুলনীয় দলৰ জ্যেষ্ঠ নেতা, সাংসদ আৰু বিধায
भाजपा (प्रतिकात्मक चित्र)


নতুন দিল্লী, ২৬ মে’(হি.স.)। কেন্দ্ৰত মোডী চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে ভাৰতীয় জনতা পাৰ্টিয়ে ৫ জুনৰ পৰা ২১ জুনলৈ সমগ্ৰ দেশতে এক বৃহৎ জনসংযোগ অভিযান আৰম্ভ কৰিব। এই মেগা অভিযানৰ অংশ হিচাপে ১২ বছৰৰ অতুলনীয় দলৰ জ্যেষ্ঠ নেতা, সাংসদ আৰু বিধায়কসকলে সমগ্ৰ দেশতে চৰকাৰৰ নীতি আৰু কৃতিত্বৰ ওপৰত আলোকপাত কৰিব। মঙলবাৰে বিজেপিৰ সভাপতি নীতিন নবীন, প্ৰচাৰ সমিতিৰ অধ্যক্ষ পুৰেন্দেশ্বৰী দেৱী আৰু সাধাৰণ সম্পাদক অৰুণ সিঙৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক সভাপতিসকলে এই প্ৰচাৰ সন্দৰ্ভত এক বৈঠক অনুষ্ঠিত কৰে। অনলাইনযোগে অনুষ্ঠিত হয় এই বৈঠক।

সূত্ৰ অনুসৰি ১২ বছৰীয়া আস্থা, উন্নয়ন আৰু জনকল্যাণৰ বিষয়বস্তুক কেন্দ্ৰ কৰি অনুষ্ঠানৰ আয়োজন কৰা হ’ব।

বিজেপিয়ে ২০২৬ চনৰ ৫ জুনৰ পৰা ২১ জুনলৈ দেশজোৰা প্ৰচাৰৰ বাবে ৰোডমেপ প্ৰকাশ কৰিছে, য’ত জনসংযোগ, জনকল্যাণ শিবিৰ, যোগ দিৱস, পৰিৱেশ সুৰক্ষা আদি অনুষ্ঠানৰ কথা উল্লেখ কৰা হৈছে।

৮ জুনৰ পৰা ১২ জুনলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰী, আৰু কেন্দ্ৰীয় মন্ত্ৰীসকলৰ লগতে বিশিষ্ট নেতাসকলে সংবাদমেল অনুষ্ঠিত কৰি বিগত ১২ বছৰত চৰকাৰৰ সাফল্যৰ ওপৰত আলোকপাত কৰিব।

৮ জুনৰ পৰা ১৪ জুনলৈকে বিশেষ জনসংযোগ অভিযানৰ অংশ হিচাপে সাংসদ, বিধায়ক, মন্ত্ৰীসকলে জনসাধাৰণৰ কাষ চাপিব।

১২ জুনৰ পৰা ২০ জুনলৈ জনকল্যাণমূলক শিবিৰ অনুষ্ঠিত হ’ব, য’ত আয়ুষ্মান ভাৰত আৰু পি এম সূৰ্য্য ঘৰৰ দৰে আঁচনিৰ সুবিধাসমূহ জনসাধাৰণৰ মাজত প্ৰচাৰ কৰা হ’ব।

মোডী চৰকাৰৰ সাফল্যৰ প্ৰদৰ্শনী, বৌদ্ধিক সন্মিলন, আৰু প্ৰাকৃতিক কৃষি কৰ্মশালা প্ৰতিখন জিলাতে অনুষ্ঠিত কৰি চৰকাৰৰ সাফল্য আৰু আঁচনিসমূহ তৃণমূল পৰ্যায়লৈ প্ৰচাৰ কৰা হ’ব।

ইয়াৰ বাবে বিজেপিৰ সাধাৰণ সম্পাদক অৰুণ সিং আৰু ডি পুৰেন্দেশ্বৰীৰ নেতৃত্বত এটা কেন্দ্ৰীয় দল গঠন কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande