চীন-পাকিস্তানৰ যৌথ বিবৃতিত জম্মু-কাশ্মীৰৰ কথা উল্লেখ, ভাৰতৰ বিৰোধ ব্যক্ত
নতুন দিল্লী, ২৬ মে’ (হি.স.)। চীন আৰু পাকিস্তানৰ যৌথ বিবৃতিত জম্মু-কাশ্মীৰৰ অপ্ৰয়োজনীয় উল্লেখ ভাৰতে নাকচ কৰিছে। বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে উল্লেখ কৰে যে এই ক্ষেত্ৰত ভাৰতৰ সুপৰিচিত আৰু সামঞ্জস্যপূৰ্ণ স্থিতিৰ বিষয়ে সংশ্লিষ্ট পক্ষস
MEA Spokesperson Randhir Jaiswal


নতুন দিল্লী, ২৬ মে’ (হি.স.)। চীন আৰু পাকিস্তানৰ যৌথ বিবৃতিত জম্মু-কাশ্মীৰৰ অপ্ৰয়োজনীয় উল্লেখ ভাৰতে নাকচ কৰিছে। বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে উল্লেখ কৰে যে এই ক্ষেত্ৰত ভাৰতৰ সুপৰিচিত আৰু সামঞ্জস্যপূৰ্ণ স্থিতিৰ বিষয়ে সংশ্লিষ্ট পক্ষসমূহে অৱগত। কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰ আৰু লাডাখ সদায় ভাৰতৰ এক অভিন্ন আৰু অবিচ্ছেদ্য অংগ হৈ আহিছে। এই বিষয়ত মন্তব্য দিবলৈ আন কোনো দেশৰ কোনো অধিকাৰ নাই।

মুখপাত্ৰগৰাকীয়ে কয় যে তথাকথিত চীন-পাকিস্তান অৰ্থনৈতিক কৰিডৰ (চিপিইচি) প্ৰকল্পৰ সন্দৰ্ভত আমি এই অঞ্চলসমূহত পাকিস্তানে অবৈধ আৰু বলপূৰ্বক দখল কৰাটো একত্ৰিত বা বৈধতা প্ৰদানৰ বাবে আন দেশৰ যিকোনো প্ৰচেষ্টাৰ তীব্ৰ বিৰোধিতা আৰু নাকচ কৰোঁ। চিপিইচি প্ৰকল্পৰ কিছুমান অংশ ভাৰতৰ সাৰ্বভৌম ভূখণ্ডৰ ভিতৰত পৰে আৰু ই ভাৰতৰ সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাক উলংঘা কৰা বুলি গণ্য কৰে। এই কথা একাধিকবাৰ পাকিস্তান আৰু চীনৰ বিষয়াসকলক স্পষ্টভাৱে জনোৱা হৈছে।

তেওঁ কয় যে চীন আৰু পাকিস্তানৰ মাজত তথাকথিত “সীমা অতিক্ৰম কৰি জলসম্পদ সহযোগিতা”ৰ উল্লেখো আমি দেখিছো। দুয়োখন দেশৰ সীমান্ত সংযোগ নহয়। গতিকে তথাকথিত সীমা অতিক্ৰম জলসম্পদৰ সহযোগিতাৰ প্ৰশ্ন উত্থাপন নহয়। ১৯৬৩ চনত পাকিস্তান আৰু চীনৰ মাজত হোৱা তথাকথিত সীমান্ত চুক্তিখন ভাৰতে কেতিয়াও স্বীকৃতি দিয়া নাই।

মন কৰিবলগীয়া যে মঙলবাৰে জাৰি কৰা এক যৌথ বিবৃতিত চীন আৰু পাকিস্তানে জম্মু-কাশ্মীৰ সমস্যাক ‘ইতিহাসৰ পৰা বাকী থকা বিবাদ’ বুলি অভিহিত কৰি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱ আৰু দ্বিপাক্ষিক চুক্তি অনুসৰি শান্তিপূৰ্ণ আলোচনাৰ জৰিয়তে ইয়াৰ সমাধানৰ আহ্বান জনাইছে। কালি চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ বৈঠক অনুষ্ঠিত হৈছিল ।

যৌথ বিবৃতিত চীন আৰু পাকিস্তানে সীমা অতিক্ৰম কৰা জলসম্পদৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ আহ্বান জনায়। দুয়োখন দেশেই জল ব্যৱস্থাপনা আৰু জলসম্পদৰ বিষয়ত সমতা আৰু পাৰস্পৰিক লাভৰ নীতিৰ ওপৰত ভিত্তি কৰি সমন্বয় অব্যাহত ৰাখিবলৈ সন্মত হয়। বিবৃতিটোত কোনো নিৰ্দিষ্ট নদী প্ৰকল্প বা চুক্তিৰ নাম উল্লেখ কৰা হোৱা নাছিল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande