গোলাঘাটৰ ৰাজপথত কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰীৰ প্ৰতিকৃতি দাহ আছুৰ
গোলাঘাট, ২৬ মে (হি.স.)। পেট্ৰ’ল,ডিজেলৰ অভাৱনীয় দাম বৃদ্ধি নিয়ন্ত্ৰণ কৰাত চৰকাৰৰ ব্যৰ্থতাৰ প্ৰতিবাদত কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীৰ প্ৰতিকৃতি দাহ ৷ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত গোলাঘাটৰ বেজবৰুৱা চাৰিআলিত কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্
গোলাঘাটৰ ৰাজপথত কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰীৰ প্ৰতিকৃতি দাহ আছুৰ


গোলাঘাট, ২৬ মে (হি.স.)। পেট্ৰ’ল,ডিজেলৰ অভাৱনীয় দাম বৃদ্ধি নিয়ন্ত্ৰণ কৰাত চৰকাৰৰ ব্যৰ্থতাৰ প্ৰতিবাদত কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীৰ প্ৰতিকৃতি দাহ ৷ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত গোলাঘাটৰ বেজবৰুৱা চাৰিআলিত কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী গৰাকীৰ প্ৰতিকৃতি দাহ কৰি চৰকাৰক তীব্ৰ সমালোচনা কৰে ৷

গোলাঘাট জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি চৰকাৰক সমালোচনা কৰা দেখা গ’ল ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande