

শোণিতপুৰ, ২৬ মে' (হি.স.)। এফৱাইইউজিপি (FYUGP)ৰ চতুৰ্থ বৰ্ষৰ নামভৰ্তিক লৈ সৃষ্টি হোৱা অনিশ্চয়তাৰ পৰিপ্ৰেক্ষিতত তেজপুৰৰ দৰং মহাবিদ্যালয়ত আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ-ছাত্ৰীসকলে । দৰং মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিবাদ কাৰ্যসূচীত বহু শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰি মহাবিদ্যালয়ৰ সন্মুখত অৱস্থান ধৰাৰ লগতে পথ অৱৰোধ কৰে। লগতে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিমূৰ্তিও দাহ কৰা হয়।
প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে যে এফৱাইইউজিপিৰ সপ্তম আৰু অষ্টম ষাণ্মাসিকৰ নামভৰ্তি সম্পৰ্কে এতিয়ালৈকে কোনো স্পষ্ট নিৰ্দেশনা প্ৰকাশ নোহোৱাত শিক্ষাৰ্থীসকলৰ মাজত বিভ্ৰান্তি আৰু উদ্বেগ বৃদ্ধি পাইছে। বিশেষকৈ চিইউইটি–পিজি (CUET–PG) পৰীক্ষাত অৱতীৰ্ণ নোহোৱা বহু শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ভৱিষ্যৎ অনিশ্চিত হৈ পৰিছে বুলি অভিযোগ তোলে ছাত্ৰ-ছাত্ৰীসকলে। প্ৰতিবাদস্থলীত শিক্ষাৰ্থীসকলে কয়, “নামভৰ্তিক লৈ এতিয়ালৈকে কোনো স্পষ্ট সিদ্ধান্ত নাই। ইয়াৰ ফলত বহু শিক্ষাৰ্থীৰ ভৱিষ্যৎ অনিশ্চিত হৈ পৰিছে । চৰকাৰে শীঘ্ৰে বিষয়টো সমাধান কৰিব লাগে।”
ইফালে, প্ৰতিবাদকাৰীসকলে সকীয়াই দিয়ে যে কোনো শিক্ষাৰ্থীক বঞ্চিত কৰা চলিব নালাগে আৰু অসম চৰকাৰে অতি শীঘ্ৰে এক সুস্পষ্ট সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। অন্যথা আগন্তুক দিনত অধিক তীব্ৰ গণআন্দোলন গঢ়ি তোলা হ’ব বুলিও হুঁশিয়াৰী দিয়ে ছাত্ৰ নেতাসকলে। ইয়াৰ সমান্তৰালভাৱে, দৰং মহাবিদ্যালয়ৰ এফৱাইইউজিপি সপ্তম ষাণ্মাসিকৰ নামভৰ্তিৰ অনিশ্চয়তা দূৰীকৰণ আৰু স্পষ্টীকৰণৰ দাবীত দৰং মহাবিদ্যালয়ৰ অধ্যক্ষক তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু দৰং মহাবিদ্যালয় আছু গোটৰ তৰফৰ পৰা এখন স্মাৰকপত্ৰও প্ৰদান কৰা হয়। এফৱাইইউজিপিৰ চতুৰ্থ বৰ্ষৰ নামভৰ্তিক লৈ ৰাজ্যজুৰি উদ্বেগ বৃদ্ধি পোৱাৰ মাজতে দৰং মহাবিদ্যালয়ৰ এই প্ৰতিবাদে বিষয়টোক নতুনকৈ চৰ্চালৈ আনিছে। এতিয়া চৰকাৰ আৰু শিক্ষা বিভাগে কি সিদ্ধান্ত গ্ৰহণ কৰে, সেয়াহে লক্ষ্যণীয় বিষয় হৈ পৰিছে ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ