
হাইলাকান্দি, ২৬ মে’ (হি.স.): চাইবাৰ জালিয়াতিৰ অপৰাধত হাইলাকান্দিত গ্ৰেপ্তাৰ হৈছে পাঁচজন যুৱক । হাইলাকান্দি সদৰ আৰক্ষী চকীৰ অৰ্ন্তগত কেইবাখ্ন গাঁৱৰ পৰা হাইলাকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই যুবক কেইজনক। মহাৰাষ্ট্ৰৰ সুনীল চন্দ্ৰ্লাল বাতিজা নামৰ এজন ব্যক্তিৰ মোবাইলত অজানা নাম্বাৰৰ পৰা এটা মেছেজ গৈছিল আৰু এই মেছেজত ক্লিক কৰাৰ লগে লগে একাউণ্টৰ পৰা প্ৰায় ৩ লাখ ৮৬ হাজাৰ টকা (3 lakh 86 thousand) তেওঁৰ বেংক একাউণ্টৰ পৰা আন এটা একাউণ্টলৈ ট্ৰেন্সফাৰ হৈছিল। ইয়াৰ পিছতে মহাৰাষ্ট্ৰৰ এই ব্যক্তিজনে আৰক্ষী চকীত এক অভিযোগ দিছিল আৰু অভিযোগৰ ভিত্তিত হাইলাকান্দি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল আৰু তদন্তত দেখা গৈছে যে যিটো একাউন্টত টকা সোমাইছে এই একাউণ্ট হৈছে হাইলাকান্দিৰ বাপ্পন উদ্দিম মজুমদাৰ নামৰ এজন যুৱকৰ।
যোৱা কালি নিশা হাইলাকান্দি আৰক্ষীৰ বৃহৎ বাহিনী বাপ্পন উদ্দিন মজুমদাৰৰ ঘৰত অভিযান চলাই তেওঁক গ্ৰেপ্তাৰ কৰে পিছত বাপ্পনে লগতে থকা চাৰি জনৰ নাম আৰক্ষীক জনাইছে আৰু হাইলাকান্দি আৰক্ষীয়ে বাপ্পনক লগত লৈ চাৰিজন যুৱকৰ ঘৰত অভিযান চলাই অভিযানত আৰু চাৰিজনক আটক কৰা হয় । এই কোইজন হৈছে সাহেদ আক্তাৰ বৰভুইয়া, মাছুদ জামান বৰভুইয়া, মুজাকিৰ হুছেইন আৰু আজাদ হুছেইন মজুমদাৰক হাইলাকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । গ্ৰেপ্তাৰ সময়ত হাইলাকান্দি আৰক্ষীয়ে তেওঁলোকৰ পৰা প্ৰায় তিনি লাখ পঞ্চাশ হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হৈছে । ইতিমধ্যে হাইলাকান্দি আৰক্ষীয়ে এই পাঁচ যুৱকক সোধাপোছা কৰি কালি বিয়লি আদালতলৈ প্ৰেৰণ কৰে।
জানিব পৰা মতে কেবল এজন ব্যক্তি নহয় আৰু কেইবাজনো অজানা ব্যক্তিক এনেকৈ ভুৱা বেংকৰ লিংক পঠোৱায় বেংক একাউণ্টৰ পৰা টকা লুটি লৈ গৈছে। হাইলাকান্দি আৰক্ষীয়ে নিজস্ব বাবে এটা অভিযোগ দাখিল কৰিছে এই পাঁছ যুবকৰ বিৰুদ্ধে । বৰ্তমানে অধিক তথ্যৰ বাবে হাইলাকান্দি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ