
শোণিতপুৰ, ২৬ মে (হি.স.)।
নামেৰী ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চলত ১ জুনৰ পৰা ইক’ পৰ্যটন কাৰ্যকলাপ বন্ধ।
নামেৰী ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক তথা পশ্চিম অসম বন্যপ্ৰাণী সংমণ্ডলৰ বন বিষয়াই জনোৱা অনুসৰি, নামেৰী ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত সকলো ইক’ পৰ্যটন আৰু পৰ্যটন সম্পৰ্কীয় কাৰ্যকলাপ ১ জুন ২০২৬ৰ পৰা পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে বন্ধ থাকিব।
ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয় আৰু ৰাষ্ট্ৰীয় ব্যঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণ (NTCA)-ৰ নিৰ্দেশনা অনুসৰি জাৰি কৰা উক্ত আদেশ অনুসৰি, আগন্তুক বাৰিষা আৰু বানপানীৰ সময়ছোৱাত নামেৰী ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ মূল অঞ্চল (Core Zone)ত ট্ৰেকিং কাৰ্যকলাপ, ভালুকপুং পিকনিক জ’ন আৰু ছিজুছা পিকনিক জ’ন বন্ধ থাকিব।
বাৰিষা আৰু বানপানীৰ সময়ছোৱাত পৰ্যটন কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰাৰ লগতে সুৰক্ষা, সংৰক্ষণ আৰু ব্যৱস্থাপনাগত দিশসমূহ বিবেচনা কৰি এই নিৰ্দেশ জাৰি কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা